• স্বস্তিৰ নিশ্বাস:দেশত ভ্ৰাম্যমাণ ATM পৰিসেৱা…

    ৰাষ্ট্ৰীয়
    স্বস্তিৰ নিশ্বাস:দেশত ভ্ৰাম্যমাণ ATM পৰিসেৱা…

    নতুন দিল্লী: ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ ৰুদ্ৰলীলাত স্তব্ধপ্ৰায় বিশ্ব|ক’ৰনা মহামাৰী নিৰ্মূলকৰণৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাত বাধা প্ৰদান কৰিছে চৰকাৰ-প্ৰশাসনে৷ ভুক্তভোগীৰ নিনাদিত কোলাহল,আত্মীয় স্বজনৰ  বিষাদ গাঁথা৷ ইয়াৰ মাজতে ক'ভিড-১৯ৰ প্ৰাথমিক পৰ্যায়ৰ যোদ্ধা সকলে সাধাৰণ নাগৰিকৰ অসুবিধা নোহোৱাকৈ আগবঢ়াই গৈছে অত্যাৱশ্যকীয় পৰিসেৱাসমূহ৷ কাল বিভীষিকাময় এনে পৰিস্থিতিত গ্ৰাহকসকলে যাতে নিৰ্বিঘ্নে প্ৰয়োজনীয় ধন আদায় কৰিব পাৰে, সেই উদ্দেশ্যে ভ্ৰাম্যমাণ ATM সেৱা আৰম্ভ কৰিছে HDFC-নামৰ বেচৰকাৰী বেংক প্ৰতিষ্ঠানটোৱে বেংক৷





    আৰু পঢ়িব পাৰিব : প্ৰকৃতিৰ ঋণ পৰিশোধৰ পৰামৰ্শ ক’ভিড জয়ীক…





    উল্লেখযোগ্য যে, বিগত বছৰত কৰনা জৰ্জৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পোন প্ৰথমবাৰৰ বাবে এই পৰিসেৱা আৰম্ভ কৰা হৈছিল৷ বৰ্তমান দিল্লী, মুম্বাই, হায়দৰাবাদ, চেন্নাই, পুনে, কটক, এলহাবাদ, দেহৰাদুন, লক্ষ্ণৌ সহিতে দেশৰ ১৯খন চহৰত এই পৰিসেৱা আৰম্ভ কৰা হৈছে|উক্ত পৰিসেৱাৰ মাধ্যমেৰে গৃহবন্দী নাগৰিকৰ উপৰি স্বাস্থ্যকৰ্মী,আৰক্ষী প্ৰশাসন আৰু 'ফ্ৰন্টলাইন ক'ভিড যোদ্ধা'সকলৰো সুবিধা হ'ব আৰু এই পৰিসেৱাৰ দ্বাৰা গ্ৰাহকে ১৫প্ৰকাৰৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব বুলি বেচৰকাৰী বেংক কৰ্তৃপক্ষই সদৰি কৰিছে৷





    আৰু পঢ়িব পাৰিব : অগ্নিকাণ্ডঃ অৰ্ধদগ্ধ ৬৫বছৰীয়া বৃদ্ধ





    স্থানীয় পৌৰসভাৰ সৈতে সমন্বয় থকা অঞ্চল বাচনি কৰি লৈছে বেচৰকাৰী বেংকটোৱে৷ প্ৰতিদিনে ৩টাৰ পৰা ৫টা অঞ্চলত উপলব্ধ হ'ব ভ্ৰাম্যমাণ ATM পৰিসেৱা৷ দেশত ক'ভিড-১৯ত আক্ৰান্তৰ পৰিসংখ্যা ৪লাখৰ দিশে অগ্ৰসৰ হোৱাৰ পৰিৱৰ্তে দৈনিক মৃতকৰ পৰিসংখ্যা প্ৰায় ৩হাজাৰৰ দিশে৷ এনে পৰিস্থিতিত ভ্ৰাম্যমাণ ATM পৰিসেৱাই সাধাৰণ নাগৰিকক সকাহ দিয়াৰ পোষকতা বেংক কৰ্তৃপক্ষৰ৷