Regional
কুলগাম : জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে আন এক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। স্বাধীনতা দিৱসৰ পূ্ৰ্বে সম্ভাব্য বৃহৎ কূটাঘাত প্ৰতিহত কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনী। পাক সন্ত্ৰাসবাদীয়ে উপত্যকাটোত সন্ত্ৰাস বিয়পোৱাৰ বাবে ৰচা আন এক ষড়যন্ত্ৰ ওফৰাই এজন সন্ত্ৰাসবাধীক ধৰাশায়ী কৰিলে নিৰাপত্তাবাহিনীয়ে।
কাশ্মীৰ আৰক্ষীৰ মহা পৰিদৰ্শক (আইজিপি) বিজয় কুমাৰে এই দাবী কৰিছে। কুমাৰে আজি সদৰি কৰে যে, জম্মু-কাশ্মীৰৰ কুলগামত লস্কৰ-ঈ-তৈবাৰ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰাৰ পাছত বৃহৎ কূটাঘাতৰ পৰা উপত্যকাটো ৰক্ষা পৰিল। কুলগামত কালি সংঘটিত হোৱা এই সংঘৰ্ষত দুজন নিৰাপত্তা বাহিনীৰ জোৱান আৰু দুজন অসামৰিক লোক আহত হৈছিল। আই জি পি কুমাৰে প্ৰকাশ কৰা মতে, কুলগামত বিএছএফৰ কনভয়লৈ লক্ষ্য কৰি প্ৰথমে গুলীবৰ্ষণ কৰিছিল লস্কৰ সন্ত্ৰাসবাদীৰ দলে।
তাৰ পাছতে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ সংঘৰ্ষৰ সূত্ৰপাত ঘটে। কালি ৰাতিৰ পৰা চলা এই সংঘৰ্ষৰ আজি পুৱালৈ অৱসান হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে আন দুজন পলাই যোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
Leave A Comment