International
লক্ষ্ণৌ : দেশৰ কোভিড বিৰোধী যুঁজত নতুন প্ৰত্যাহ্বান সৃষ্টিৰ আশংকা সৃষ্টি কৰিছে ক’ৰ’নাৰ নতুন উৎপৰিৱৰ্তনে। ক’ৰ’নাৰ ডেল্টা প্ৰকাৰে দেশত সৰ্বগ্ৰাসী দ্বিতীয় ঢৌ সৃষ্টি কৰাৰ পাছত এইবাৰ ধৰা পৰিছে ‘কাপ্পা’ প্ৰকাৰ। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এখনত হাস্পতালত কৰা কোভিড পৰীক্ষাত দুজন লোক এই ‘কাপ্পা’ প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কথা পোহৰলৈ আহিছে।
লক্ষ্ণৌৰ কেজিএমইউত কৰা পৰীক্ষাত ১০৯টা কোভিড পজিটিভ নমুনা চিনাক্ত হয়। ইয়াৰে ১০৭টা ডেল্টা প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হোৱাৰ লগতে দুটা নমুনাত ‘কাপ্পা’ প্ৰকাৰৰ উপস্থিতি ধৰা পৰিছে।
ৰাজ্যখনত এই নতুন প্ৰকাৰৰ সংক্ৰমণ ধৰা পৰা বিষয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক অৱগত কৰা হৈছে বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। উল্লেখ্য যে, ক’ৰ’নাৰ এই ‘কাপ্পা’ প্ৰকাৰ অধিক সংক্ৰামক বুলি আশংকা কৰা হৈছে।
Leave A Comment