• সৰ্বভাৰতীয় পৰ্যায়ত IAS বিষয়াৰ পৰিসংখ্যাত অসমৰ স্থান সৰ্বনিম্ন

    ৰাষ্ট্ৰীয়
    সৰ্বভাৰতীয় পৰ্যায়ত IAS বিষয়াৰ পৰিসংখ্যাত অসমৰ স্থান সৰ্বনিম্ন

    ডিজিটেল ডেস্কঃ সৰ্বভাৰতীয় পৰ্যায়ত অশোকা বিশ্ববিদ্যালয়ে চলোৱা এক গৱেষণাত ১৯৫১ চনৰ পৰা ২০২০ চনলৈকে পোনপটীয়াকৈ নিযুক্ত হোৱা মুঠ ৫২৫৫ গৰাকী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াৰ কিমানগৰাকী কোনখন ৰাজ্যৰ বাসিন্দা, সেই তথ্য প্ৰকাশ হৈছে৷ বিশ্ববিদ্যালয়খনৰ তথ্যৰ আধাৰত ৰাজ্য অনুযায়ী জনসংখ্যাৰ পৰিসংখ্যাৰে সৈতে কেইখনমান ৰাজ্যৰ তুলনামূলক পৰিসংখ্যা প্ৰকাশ কৰা হ’ল-









    ৰাজ্য জনসংখ্যাৰ শতাংশ IAS ৰ শতাংশ
    অসম ২.৬ ১.১
    ওড়িশা ৩.৪৬ ৪.৫
    পঞ্জাব ২.৩ ৬.৩
    ৰাজস্থান ৫.৬৬ ৭.৫
    তামিলনাডু ৫.৯ ৬.৮
    কেৰালা ২.৭ ৪.৬
    বিহাৰ+ঝাৰখণ্ড ১১.৩ ১০.৭
    মিজোৰাম ০.০৯ ০.৪২
    মেঘালয় ০.২৪ ০.৬৫
    নাগালেণ্ড ০.১৬ ০.৩৮
    মণিপুৰ ০.২৩ ০.৭২









    এই পৰিসংখ্যাত এটা কথাই স্পষ্ট হৈছে যে অসমৰ স্থান উত্তৰ-পূব ভাৰতৰ আন কেইখন ৰাজ্যৰ তুলনাত নিম্নস্থানত আছে৷ যদি নগালেণ্ড, মিজোৰাম আদি ৰাজ্যৰ লোকে ST ৰ বাবে সংৰক্ষিত আসনবিলাক পোৱা বুলি ধৰা হয়, তেন্তে দেখা যায় যে অসমৰ জনজাতীয় লোকৰ সংখ্যা নগালেণ্ড, মিজোৰাম আৰু মণিপুৰ তিনিওখনৰ মুঠ জনজাতীয় লোকৰ সংখ্যাৰ সমান।





    ভাৰতৰ ভিতৰতে ভাৰতীয় প্ৰশাসনিক বিষয়াৰ সংখ্যা অসমৰ সৰ্বনিম্ন৷ এই কথাই অসমৰ সামগ্ৰিক শিক্ষা ব্যৱস্থা, লোকসেৱা আয়োগৰ পৰীক্ষা সম্পৰ্কত জনসচেতনতাৰ ৰেহৰূপক প্ৰতিফলিত কৰিছে৷