• হাফপেণ্ট বিতৰ্কৰ পাছত এইবাৰ শাড়ী বিতৰ্ক : শাড়ী হেনো স্মাৰ্ট পোছাক নহয়!

    ৰাষ্ট্ৰীয়
    হাফপেণ্ট বিতৰ্কৰ পাছত এইবাৰ শাড়ী বিতৰ্ক : শাড়ী হেনো স্মাৰ্ট পোছাক নহয়!

    ডিজিটেল ডেস্ক : মাৰ্জিত পোছাকেৰে বিভূষিত হয় প্ৰত্যকজনৰ সৌন্দৰ্য৷ ভিন্ন পোছাকৰ সৌন্দয্যও ভিন্নৰূপী৷ তাতে আকৌ পৰম্পৰাগত পোছাক বুলিলে ভাৰতত সৌন্দৰ্য্য সংজ্ঞা বেলেগকৈ বহন কৰিব নালাগে৷ থিক তেনেদৰে শাড়ীৰ বিশেষ মৰ্যদাও আছে এইখন দেশত৷ এগৰাকী নাৰীয়ে শাড়ী পৰিধান কৰিলে বহন কৰা অতুলনীয় সৌন্দয্য সকলোৰে গুণমুগদ্ধ হয়৷ কিন্তু তেনে এখন দেশতেই শাড়ী পৰিধান কৰাৰ বাবে প্ৰবেশ কৰিব নিদিয়াৰ ঘটনাই চকু কপলাত উঠাইছে সকলোকে৷ অসমত হাফপেণ্ট বিতৰ্কই খলকনি তোলাৰ সময়তে এইবাৰ ৰাষ্ট্ৰীয় মাধ্যমত বতৰ্কৰ বিষয় হৈ পৰিছে শাড়ী। দিল্লীৰ ৰেস্তোঁৰাত শাড়ী পিন্ধা মহিলাক প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈ এই বিতৰ্ক।





    দৰাচলতে এগৰাকী শাড়ী পৰিধান কৰি সাংবাদিক অনিতা চৌধুৰীয়ে ‘অক্কিলা দিল্লী’ নামৰ ৰেস্তোঁৰালৈ গৈছিল। কিন্তু প্ৰৱেশদ্বাৰতে তেওঁ বাধাৰ সন্মুখীন হ’ল। ৰেস্তোঁৰাৰ কৰ্মচাৰীয়ে তেওঁক শাড়ী পিন্ধি যোৱাৰ বাবেই ৰেস্তোঁৰাত প্ৰৱেশৰ অনুমতি নিদিলে। কৰ্মচাৰীজনৰ মতে কেৱল স্মাৰ্ট কাপোৰ পিন্ধা লোককহে প্ৰৱেশৰ অনুমতি দিয়া হয়। তেতিয়া সাংবাদিকগৰাকীয়ে মন্তব্য কৰে—অনুগ্ৰহ কৰি আপুনি স্মাৰ্ট কাপোৰ কি হয় জনাওক। সাংবাদিক অনিতা আৰু ৰেস্তোঁৰাৰ কৰ্মচাৰীজনৰ বাৰ্তালাপৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যম ফেচবুকত।









    ফেচবুকত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে ভিডিঅ’টোৱে। তেজপুৰত হাফপেণ্ট পৰিধান কৰা যুৱতীক পৰীক্ষা হলত প্ৰৱেশ কৰিব নিদিয়াত অসমত সামাজিক মাধ্যমত বিপৰীত দৃষ্টিভংগীৰ দুই পক্ষৰ মাজত প্ৰৱল বিতৰ্কৰ সৃষ্টি হৈছিল। এতিয়া দিল্লীৰ এই ঘটনাক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে একে ধৰণৰ বিতৰ্কৰ। সাংবাদিক অনিতাই ফেচবুকত ভিডিঅ’টো পোষ্ট কৰি মন্তব্য কৰিছিল—শাড়ী পিন্ধাৰ বাবেই মোক দিল্লীৰ এখন ৰেস্তোঁৰাত প্ৰৱেশৰ অনুমতি দিয়া নহ’ল। কাৰণ ভাৰতত শাড়ী স্মাৰ্ট পোচাক নহয়! দিল্লীৰ ৰেস্তোঁৰাখনত হোৱা অপমান মই জীৱনকালত সন্মুখীন হোৱা সবাতোকৈ তীব্ৰ অপমান। ‘মই দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, দিল্লীৰ মুখ্যমন্ত্ৰী, দিল্লী আৰক্ষী আৰু ৰাষ্ট্রীয় মহিলা আয়োগক আহ্বান জনাইছো তেওঁলোকে যাতে স্মাৰ্ট পোচাকৰ প্ৰকৃত সংজ্ঞা সন্দৰ্ভত মোক অৱগত কৰে’। ইয়াৰ পাছতেই বিষয়টোক লৈ সামাজিক মাধ্যমত বহু লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যথেষ্ট সংখ্যক লোকে ইয়াক ভাৰতীয় সাজ-পোচাকৰ বাবে চৰম অপমানজনক আখ্যা দিছে। ইফালে, সাংবাদিক অনিতা চৌধুৰীয়ে ৰাষ্ট্রীয় মহিলা আয়োগক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়৷