Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
নতুন দিল্লী : হাৰিয়ানা চৰকাৰৰ বিৰুদ্ধে যুঁজুধান ৰূপ লৈছে প্ৰতিবাদী কৃষকসকলে। হাৰিয়ানাৰ কৰ্নাল জিলাৰ ঘাৰাউণ্ডা টোল প্লাজাত প্ৰতিবাদ কৰা কৃষকসকলৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰাৰ এদিনৰ পাছত প্ৰতিবাদী কৃষকে ৰাজ্যখনৰ নুহত আয়োজন কৰিছে কৃষক মহাপঞ্চায়ত। এই মহাপঞ্চায়তত কৃষি আইনবিৰোধী আইনৰ প্ৰতিবাদক নেতৃত্ব দিয়া সংযুক্ত কৃষক মৰ্চা, ভাৰতীয় কিষাণ সংঘৰ নেতা যেনে, ডঃ দৰ্শন পল, ৰাকেশ টিকাইট, বলবীৰ সিং ৰাইজেৱা আৰু স্বৰাজ ইণ্ডিয়াৰ মুৰব্বী যোগেন্দ্ৰ যাদৱ আদিয়েও এই মহাপঞ্চায়তত ভাগ লয়।
অৱশ্যে কালিৰ হিংসাত্মক ঘটনাৰ পূৰ্বেই এই মহাপঞ্চায়তৰ পৰিকল্পনা কৰা হৈছিল। চৰকাৰৰ নিষ্ঠুৰতাৰ বিৰুদ্ধে এতিয়া অধিক আক্ৰমণাত্মক হৈ উঠিছে। একাধিক পথ অৱৰোধেৰে ক্ষুব্ধ কৃষকসকলে প্ৰতিবাদক তীব্ৰতা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জলন্ধৰ –দিল্লী হাইৱে তথা অমৃতসৰ আৰু লুধিয়ানা সংযোগী পথো অৱৰোধ কৰে প্ৰতিবাদী কৃষকে।
Leave A Comment