National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
নতুন দিল্লীঃ সুদীৰ্ঘ দুটা দশকৰ পাছত তালিবানে পুনৰ আফগানিস্তানত ক্ষমতা দখল কৰিছে। ইফালে, তালিবানৰ দ্বাৰা আফগানিস্তানৰ কমেও দুটা ভাৰতীয় দূতাবাসত তালাচী চলোৱা হৈছে। তালিবানৰ তালাচীৰ পাছত ভাৰতীয় দূতাবাসৰ দুৰ্গ তছনছ কৰাৰ উপৰি দুখন বাহনও তালিবানে জব্দ কৰিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদনত কান্দাহাৰ আৰু হেৰাটৰ ভাৰতীয় দূতাবাসত সংঘটিত হোৱা মৰ্মস্পৰ্শী ঘটনা প্ৰকাশ পাইছে।
ইফালে, ভাৰতীয় দূতাবাসত হোৱা আক্ৰমণ কথা পোহৰলৈ অহাৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মোদীয়ে টুইটাৰযোগে সদৰী কৰিছে যে, ‘হিংসাৰ দ্বাৰা প্ৰতিষ্ঠিত শাসন বেছিদিনলৈ নাথাকে। সন্ত্ৰাস আৰু আতংকৰ সৈতে আৰম্ভ হোৱা কামৰ স্থিৰতা অতি কম।’
উল্লেখ্য যে, তালিবানৰ কাটাৰ কাৰ্যালয়ে আফগানিস্তানৰ ভাৰতীয় দূতাবাসৰ কোনো ক্ষতিসাধন কৰা নহ’ব বুলি আশ্বাস দিছিল। আনকি, আফগানিস্তানত চলিত বৰ্বৰতাৰ সময়ত তালিবানে ভাৰতক দূতাবাস খালী নকৰিবলৈও আহ্বান জনাইছিল। তেনেস্থলত তালিবানৰ শেহতীয়া কাণ্ডই শংকিত কৰি তুলিছে সকলোকে।
ভাৰত চৰকাৰৰ সূত্ৰ অনুসৰি, ভাৰতীয় বায়ু সেনাৰ দুখন চি-১৭ বিমানে দূতাবাসৰ কৰ্মচাৰীসকলক কাবুলৰ পৰা ঘূৰাই আনিছিল। আফগানিস্তানত থকা ভাৰতীয় ৰাষ্ট্ৰদূতকো ঘূৰাই অনা হৈছে। অৱশ্যে, প্ৰায় ১০০০ ভাৰতীয় এতিয়াও আফগানিস্তানত আৱদ্ধ হৈ আছে।
Leave A Comment