• হেলমেট নিপিন্ধাৰ অভিযোগত গর্ভৱতী মহিলাক খোজ কঢ়োৱাই হেৰুৱালে চাকৰি

    ৰাষ্ট্ৰীয়
    হেলমেট নিপিন্ধাৰ অভিযোগত গর্ভৱতী মহিলাক খোজ কঢ়োৱাই হেৰুৱালে চাকৰি

    ভুৱনেশ্বৰ : ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ এগৰাকী মহিলা আৰক্ষী বিষয়াৰ কৰ্ম-কাণ্ডই সকলোৰে চকু কপালত তুলিছে৷ হেলমেট চেকিঙৰ সময়ত এগৰাকী গর্ভৱতী মহিলাক তিনি কিলোমিটাৰ পথ খোজ কাঢ়িবলৈ দিয়াৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷





    আৰু পঢ়িব পাৰিব : বাদুলিৰ জৰিয়তেই আৰম্ভ হৈছিল ক’ৰ’নাৰ সংক্ৰমণ!





    জানিব পৰা মতে জিলাখনৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰীণা বাক্সালাই হেলমেট চেকিঙৰ সময়ত আঠমহীয়া এগৰাকী গর্ভৱতী মহিলাগৰাকীক তিনি কিলোমিটাৰ পথ খোজ কাঢ়িবলৈ দিয়াৰ পাছতে মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷





    আৰু পঢ়িব পাৰিব : “NLFBত জড়িত আছে ৰাজনৈতিক নেতা” : সংবাদমেলত ভাস্কৰজ্যোতি মহন্ত





    এখন মটৰ চাইকেলেৰে বিক্রম বাৰুলী নামৰ লোকজনে ৮মহীয়া গর্ভৱতী পত্নীক চিকিৎসালয়লৈ লৈ যোৱা সময়তে বাক্সালাই বাৰুলিক জৰিমনা বিহে আৰু তিনি কিলোমিটাৰ পথ খোজকাঢ়ি যাবলৈ বাধ্য কৰায়৷ উল্লেখ্য যে সেইসময়ত বাৰুলীয়ে হেলমেট পৰিধান কৰিছিল কিন্তু মহিলাগৰাকীয়ে পৰিধান কৰা নাছিল হেলমেট৷