Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
নতুন দিল্লী : হ্রাস কৰা হৈছে প্রতিটো এল পি জি চিলিণ্ডাৰৰ মূল্য৷ আজি এক বিবৃতিযোগে ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডে প্রকাশ কৰা মতে ১এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ প্রতিটো এলপিজি চিলিণ্ডাৰৰ মূল্য ১০ টকা হ্রাস কৰা হৈছে৷
আৰু পঢ়িব পাৰিব : বন্ধুৰ দম্পতীয়ে হত্যা কৰি ওলমাই থলে মৃতদেহ : আত্মসমৰ্পণ হত্যাকাৰীৰ
চলিত বর্ষত পাঁচবাৰকৈ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰাৰ পিছত প্রথমবাৰৰ বাবে প্রতিটো চিলিণ্ডাৰত হ্রাস কৰিলে ১০ টকা৷
আৰু পঢ়িব পাৰিব : বিশিষ্ট সংগীতজ্ঞ বাপ্পী লহিৰিৰ দেহত ধৰা পৰিছে ক’ভিড-১৯…
প্রতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আজি নিশাৰে পৰা কার্যকৰী হোৱাকৈ ১০ টকা হ্রাস কৰা হৈছে৷ ঠিক তেনেদৰে পেট্র’ল আৰু ডিজেলৰ পাইকাৰী মূল্যও প্রতি লিটাৰত ক্রমে ৬১ আৰু ৬০ পইচা হ্রাস কৰা হৈছে৷
Leave A Comment