National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
অযোধ্যা : অযোধ্যাৰ ৰাম জন্মভূমিত নিৰ্মাণ হ’বলগীয়া ‘ৰাম মন্দিৰ’ৰ পৰিসৰ বৃদ্ধি পাব। ‘ৰাম মন্দিৰ’ৰ পৰিসৰ ৭০ একৰৰ পৰা ১০৭ একৰলৈ বৃদ্ধি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে মন্দিৰ নিৰ্মাণ হ’বলগীয়া স্থানৰ সমীপত ৭,২৮৫ বৰ্গ ফুট মাটি ক্ৰয় কৰিছে।
আৰু পঢ়িব পাৰিব : প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সাজু বিজেপি মিত্ৰজোঁট
ন্যাসৰ এগৰাকী সদস্যই আজি এইকথা প্ৰকাশ কৰে। তেওঁ প্ৰকাশ কৰে যে, বহু প্ৰতীক্ষিত ৰাম মন্দিৰ নিৰ্মাণ কৰি থকা ন্যাসে ৭,২৮৫বৰ্গফুট মাটি ক্ৰয় কৰাৰ বাবে প্ৰতি বৰ্গফুটত ১,৩৭৩টকা দামেৰে ১ কোটি টকা আদায় দিছে। ন্যাসৰক্ষী অনিল মিশ্ৰই এই বিষয়ে কয়, ‘আমি এই আমাক মন্দিৰ নিৰ্মাণৰ বাবে অধিক ভূমিৰ প্ৰয়োজন হৈছে আৰু সেয়ে এই মাটি ক্ৰয় কৰা হৈছে।’ ন্যাসে নতুনকৈ ক্ৰয় কৰা এই মাটি আশ্ৰাফী ভৱনৰ সমীপত আছে।
আৰু পঢ়িব পাৰিব : দুৰ্বৃত্তই কামুৰি ছিঙিলে যুৱতীৰ কাণ! আৰক্ষীৰ নিৰ্লিপ্তিক লৈ ক্ষুব্ধ ৰাইজ
উল্লেখ্য যে, ৰাম জন্মভূমি ন্যাসে মন্দিৰৰ পৰিসৰ ১০৭ একৰলৈ বৃদ্ধিৰ প্ৰক্ৰিয়া চলাই আছে আৰু ইয়াৰ বাবে আৰু ১৪,৩০,১৯৫ বৰ্গফুট মাটি ক্ৰয় কৰাৰ প্ৰয়োজন হ’ব। মুখ্য মন্দিৰ ৫ একৰ ভূমিত নিৰ্মাণ কৰা হ’ব। বাকী অংশত সংগ্ৰহালয়, গ্ৰন্থালয় আদি নিৰ্মাণ কৰা হ’ব।
Leave A Comment