North East
নতুন দিল্লী : দেশত ধাৰাবাহিকভাৱে চিনাক্ত হৈ আছে ক'ভিড-১৯ ৰোগী৷ বিগত ২৪ঘন্টাত মুঠ ৫৬, ২১১গৰাকী লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে টুইটযোগে প্ৰকাশ কৰে৷ লগতে এই সময়চোৱাত ২৭১ গৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷
আৰু পঢ়িব পাৰিব : হত্যা নে দুৰ্ঘটনা! পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুক লৈ আৰক্ষীৰ হাতত নতুন তথ্য
ইয়াৰ লগে লগে কৰ'নাত আক্ৰান্তৰ সংখ্যা ১,২০,৯৫,৮৫৫লৈ বৃদ্ধি পায় ভাৰতৰ। ইয়াৰে ৫, ৪০, ৭২০ গৰাকী ৰোগী বৰ্তমানেও বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সোমবাৰৰ দিনটোত ৩৭,০২৮জনক ক'ভিডমুক্ত ঘোষণা কৰে৷
আৰু পঢ়িব পাৰিব : পুনৰ তেলখাদত ভয়ংকৰ অগ্নিকাণ্ড, ১০০০ লোকক স্থানান্তৰ…
ইপিনে দেশত মুঠ ৬কোটি ১১লাখৰো অধিক ৰোগীক ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। দেশৰ কেইবাখনো জিলাত ক'ভিডৰ ঘটনা বৃদ্ধি পোৱাত পুনৰ লকডাউন দিয়াৰ লগতে নতুনকৈ নীতি-নিৰ্দেশনাও জাৰি কৰিছে৷
Leave A Comment