• ২৬ কোটিৰ ড্ৰাগছসহ এছটিএফৰ জালত সৰবৰাহকাৰী

    ৰাষ্ট্ৰীয়
    ২৬ কোটিৰ ড্ৰাগছসহ এছটিএফৰ জালত সৰবৰাহকাৰী

    কলকাতা : বৰবিহ ড্ৰাগৰ বিৰুদ্ধে আৰক্ষীৰ আন এক বৃহত সফলতা। কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চ (এছটিএফ)এ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ পৰা এছটিএফ-এ জব্দ কৰিবলৈ সক্ষম হৈছে ২৬ কোটি টকা দামৰ হেৰোইন।





    স্পেচিয়েল টাক্স ফৰ্চৰ এগৰাকী শীৰ্ষ বিষয়াই দেওবাৰে এইকথা প্ৰকাশ কৰে। তেওঁ সদৰি কৰে যে, অভিযানকাৰীয়ে বিশেষ সূত্ৰৰপৰা লাভ কৰা তথ্যৰ আঁত ধৰি অভিযান চলায় আৰু মোষ্ট ৱাণ্টেড সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। শনিবাৰে মাজনিশা তেওঁক প্ৰগতি মৈদান আৰক্ষী থানাৰ অন্তৰ্গত কেপ্টেইন ভেৰীৰ ইএম বাইপাছৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁৰ জিম্মাৰ পৰা ২৫.৮৮কোটি টকা দামৰ ৫.১৭৭ কিলোগ্ৰাম হেৰোইন জব্দ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰিছে এছটিএফ-এ।