• ২৮ তাৰিখৰ পৰা ৪ দিনলৈ একালেথাৰিকৈ থাকিব বেংক বন্ধ

    ৰাষ্ট্ৰীয়
    ২৮ তাৰিখৰ পৰা ৪ দিনলৈ একালেথাৰিকৈ থাকিব বেংক বন্ধ

    গুৱাহাটী : ২৮ তাৰিখৰ পৰা ৪ দিনলৈ একালেথাৰিকৈ থাকিব বেংক বন্ধ৷ এই সপ্তাহত ৩১ তাৰিখলৈ থাকিব বেংক বন্ধ৷ যাৰবাবে বেংকৰ গ্ৰাহকে আজিয়েই জৰুৰী কাম কৰাৰ বাবে তৎপৰ হৈ পৰিছে৷ অৱশ্য ঠাইভেদে হ'ব বন্ধৰ তালিকাও ভিন্ন৷ ৰিজাৰ্ভ বেংকৰ বন্ধৰ তালিকা অনুসৰি কেন্দ্ৰীয় বেংকসমূহ আগষ্ট মাহত ১৫ দিন বন্ধ থাকে।





    সময় যোৱাৰ লগে লগে, বন্ধৰ দিন ক্ৰমান্বয়ে সমাপ্ত হৈছে। এই মাহৰ ২৮ আগষ্টৰ পৰা ৩১ আগষ্টলৈ বেংক বন্ধ থাকিব। অৱশ্যে, এই সময়ছোৱাত অনলাইন বেংকিং আৰু এটিএম সেৱা কাৰ্যকৰী হ'ব। আৰবিআইৰ তালিকাত বিভিন্ন ৰাজ্যৰ বাবে বিভিন্ন বন্ধৰ তালিকা দিয়া হৈছে।





    সেই অনুসৰি, এই সপ্তাহত চাৰি দিনৰ ছুটি ঠিক কৰা হৈছে। অবশ্যে সকলো ৰাজ্যৰ বাবে বন্ধৰ দিন একে নহয়। ২৮আগষ্ট অৰ্থাৎ চতুৰ্থ শনিবাৰে বন্ধ থাকিব বেংক। ২৯ আগষ্ট অৰ্থাৎ দেওবাৰে বেংক বন্ধ থাকিব। ৩০ আগষ্ট সোমবাৰে জন্মাষ্টমী উপলেক্ষে থাকিব বন্ধ৷ ৩১ আগষ্ট শ্রীকৃষ্ণ জন্মাষ্টমীৰ বাবে হায়দৰাবাদত বেংক বন্ধ থাকিব ৷