• ৩ টকাকৈ হ্ৰাস পালে পেট্ৰ’লৰ দাম, চৰকাৰৰ বৃহৎ পদক্ষেপ

    ৰাষ্ট্ৰীয়
    ৩ টকাকৈ হ্ৰাস পালে পেট্ৰ’লৰ দাম, চৰকাৰৰ বৃহৎ পদক্ষেপ

    চেন্নাই : তামিলনাডু চৰকাৰে হ্ৰাস কৰিলে পেট্ৰ’লৰ দাম। এম কে ষ্টেলিন নেতৃত্বৰ ডিএমকে চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম তিনি টকাকৈ হ্ৰাস কৰিছে চৰকাৰে। ইয়াৰ ফলত এটা বিত্তীয় বৰ্ষত চৰকাৰে ১,১৬০ কোটি ৰাজহ হেৰুৱাবলগীয়া হ’ব।





    ৰাজ্যখনৰ বিত্তমন্ত্ৰী পালানিৱেল থিয়াগৰাজনে চৰকাৰৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰি কয় যে, ‘তামিলনাডুৰ ২.৬ কোটি লোকে দুচকীয়া বাহন ব্যৱহাৰ কৰে। এইসকলৰ সুবিধা হোৱাকৈ চৰকাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ৩ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।’ সমগ্ৰ দেশৰ মধ্যবিত্ত শ্ৰেণীটোক ইন্ধনৰ দামে জুৰুলা কৰি পেলোৱাৰ সময়ত এয়া ষ্টেলিন চৰকাৰৰ মাষ্টাৰষ্ট্ৰোক হিচাপে বিবেচনা কৰা হৈছে।





    তদুপৰি চৰকাৰৰ প্ৰথমখন বাজেটত জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবেও ৫০০কোটি টকা নিৰ্ধাৰণ কৰা হয়। তদুপৰি প্ৰতিটো পৰিয়ালৰ মহিলা সদস্যলৈ মাহে ১০০০ টকাকৈ আগবঢ়োৱাৰ ষ্টেলিনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিও পূৰণৰ বাবেও বাজেটত ব্যৱস্থা গ্ৰহণ কৰা হয়।