• ৯৫বছৰীয়া সহধৰ্মিনী সহিতে ক'ভিড জয় ১০৫বছৰীয়া বৃদ্ধৰ...

    ৰাষ্ট্ৰীয়
    ৯৫বছৰীয়া সহধৰ্মিনী সহিতে ক'ভিড জয় ১০৫বছৰীয়া বৃদ্ধৰ...

    মহাৰাষ্ট্ৰ : মন কৰিলেই চন বাকৰি মাটিতেই ধন। কথাষাৰ পুনৰ প্ৰমাণিত কৰিলে জীৱশ্ৰেষ্ঠ মানুহে। কাল কৰনা আতংকৰ মাজতে কিঞ্চিত আশাৰ বীজ সিঁচিবলৈ সক্ষম হৈছে এহাল দম্পত্তীয়ে। ক'ভিদ-১৯ত বিধ্বস্ত মহাৰাষ্ট্ৰত ঘটিছে এই বিৰল ঘটনা৷ মহাৰাষ্ট্ৰৰ কাটগাঁও তাণ্ড্ৰাত ১০৫বছৰীয়া বৃদ্ধই ক'ভিদ জয় কৰি পুনৰ উভতি আহিছে নিজ ঘৰলৈ৷ তেওঁৰ লগতে ৯৫বছৰীয়া সহধৰ্মিনীও এতিয়া ক'ভিড মুক্ত৷ 





    আৰু পঢ়িব পাৰিব : কোনে কৰ’নাৰ ‘ছুপাৰ স্প্ৰেডাৰ’ আখ্যা দিলে মোডীক? কিয়?






    বিগত ১০দিন ধৰি তেওঁলোক ICUত চিকিৎসাধীন হৈ আছিল৷ নিম্মগামী হৈ পৰিছিল অক্সিজেনৰ মাত্ৰা৷ কিন্তু, দুৰ্দান্ত মানসিক শক্তিৰ অধিকাৰী হোৱা বাবেই তেওঁলোকে ক'ভিড জয় কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য চিকিৎসকৰ৷





    প্ৰবীন সদস্য দুগৰাকী ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ বাবে উদ্বিগ্ন হৈ পৰিছিল চৌহান পৰিয়াল৷ শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতিৰ বাবে তেওঁলোকৰ পুত্ৰ সুৰেশ চৌহানে ১০৫বছৰীয়া পিতৃ আৰু ৯৫বছৰীয়া মাতৃক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ বাধ্য হয়৷ লাটুৰৰ বিলাসৰাও দেশমুখ চিকিৎসালয়ত ১০দিন ICUত আছিল দুয়ো৷





    আৰু পঢ়িব পাৰিব : সান্ধ্য আইনৰ মাজতে মহানগৰীৰ এটিএমত সোমাল চোৰ






    পিতৃ-মাতৃক কাষত পাই আনন্দত আত্মহাৰা একমাত্ৰ পুত্ৰ সুৰেশে চৌহান৷ তেওঁ কয়, "গাঁওৰ মানুহে দেউতা-মাক চিকিৎসালয়লৈ নিবলৈ বাধা দিছিল৷ কিন্তু মাৰ জ্বৰ কমা নাছিল৷ দেউতাৰ পেটৰ সমস্যাই দেখা দিছিল৷ সেইবাবে বাধ্যহৈ তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰিছিলো৷ তেওঁলোকৰ লগতে মোৰ তিনিটি সন্তান ক'ভিড-১৯ত আক্ৰান্ত৷"