• ৰক্তৰঞ্জিত কাবুল বিমানবন্দৰ : উচুপি উঠিল জো বাইডেন

    ৰাষ্ট্ৰীয়
    ৰক্তৰঞ্জিত কাবুল বিমানবন্দৰ : উচুপি উঠিল জো বাইডেন

    ৱাশ্বিংটনঃ বৃহস্পতিবাৰে কাবুল বিমানবন্দৰত সংঘটিত আত্মঘাতী আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে জো বাইডেনৰ অন্তৰ। তালিবানে আফগানিস্তান দখল কৰাৰ পাছত অশান্তজৰ্জৰ কাবুল বিমানবন্দৰৰ পৰা স্থানান্তৰৰ সময়ত হোৱা বিস্ফোৰণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৩ জন সৈনিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি গৰাকীয়ে। বন্ধ চকু আৰু কঁম্পিত কণ্ঠস্বৰৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তেওঁ। সংবাদ মাধ্যমৰ সন্মুখত নিহত সৈনিক সকলৰ বিষয়ে ক'বলৈ যাওঁতে আৱেগিক হৈ পৰে বাইডেন।





    উল্লেখ্য যে, এই ঘটনাটো তেওঁৰ কাৰ্যকালৰ এক গুৰুতৰ আঘাত হিচাপে বিবেচিত হোৱাৰ শংকা প্ৰকাশ কৰিছে বিভিন্ন মহলে। হোৱাইট হাউছৰ সাংবাদিকসকলক সম্বোধন কৰি আত্মঘাতী আক্ৰমণৰ বলি হোৱা আমেৰিকান সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ সদৰী কৰে যে, ‘কাবুলৰ পৰা অসামৰিক লোকসকলক স্থানান্তৰ কৰাৰ অভিযান ৩১ আগষ্টলৈকে অব্যাহত থাকিব। আমি সন্ত্ৰাসবাদীসকলক ভয় নকৰোঁ আৰু আমি তেওঁলোকক আমাৰ অভিযান বন্ধ কৰিবলৈ নিদিওঁ। এই অভিযান অব্যাহত থাকিব।’ আনহাতে, আক্ৰমণত জড়িত লোকক কঠোৰ শাস্তি প্ৰদানৰো অংগীকাৰ ৰাষ্ট্ৰপ্ৰধান গৰাকীৰ।