Regional
The restrictions will be in effect on September 29 and 30, as well as October 2 and 3, with a special emphasis on vulnerable roads...
ডিজিটেল ডেস্কঃ ৰক্তদান মহৎ দান। কিন্তু ৰক্ত বিক্ৰী কৰাটো বাৰুকৈয়ে নিন্দনীয়। প্ৰাপ্ত তথ্য অনুসৰি এখন হাস্পতালে ৩৫০০ টকাপৰ্যন্ত এবটল তেজ বিক্ৰী কৰাত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। পাছত স্থানীয় সংগঠনৰ প্ৰতিবাদত সেও মানি হাস্পতালখনৰ মালিকে পইচা লোৱা বুলি স্বীকাৰ কৰে আৰু উক্ত পৰিমাণৰ ধন ওভতাই দিবলৈ বাধ্য হয়।
পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ এখন হাস্পতাল কৰ্তৃপক্ষই তেজৰ বাবদ ধন দাবী কৰা বুলি ভুক্তভুগীয়ে অভিযোগ উত্থাপন কৰে। ৰাজিকুল শ্বেখ নামৰ ব্যক্তি এগৰাকীয়ে তেওঁৰ পত্নীক প্ৰসৱজনীত চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰাইছিল। হাস্পতাল কৰ্তৃপক্ষই তেওঁৰ পত্নীক A+ তেজৰ দৰকাৰৰ কথা জনায়। ব্লাড বেংকৰ পৰা তেজ নোপোৱাত তেওঁক ৩৫০০ টকাৰ বিনিময়ত এবটল তেজ পাব বুলি কয়। নিজ পত্নী আৰু হ'বলগীয়া সন্তানটিৰ জীৱন বচাবলৈ শ্বেখে ধনৰাশি দিবলৈ বাধ্য হয়।
ইয়াৰ পাছতে এটা স্বাচ্ছাসেৱী সংস্থাই ঘটনা সন্দৰ্ভত অৱগত হৈ হাস্পতাল কৰ্তৃপক্ষৰ ওচৰ চাপে। অৱশেষত হাস্পতাল কৰ্তৃপক্ষই ক্ষমা বিচাৰি পইচাখিনি ঘূৰাই দিবলৈ বাধ্য হয়। পূৰ্বতেও নাৰ্চিং হোমখনত অনুৰূপ ঘটনা সংঘটিত হোৱা বুলি স্বাচ্ছাসেৱী সংস্থাটোৰ সদস্য এগৰাকীয়ে জানিবলৈ দিয়ে।
Leave A Comment