National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
নতুন দিল্লী : কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। এইবাৰ এলপিজি চিলিণ্ডাৰৰ দামবৃদ্ধিক লৈ কেন্দ্ৰক সমালোচনা প্ৰিয়ংকাৰ। টুইটযোগে দামবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই প্ৰিয়ংকাই কয়, ‘ধাৰাবাহিকভাৱে দাম বৃদ্ধি হৈ আছে। চিলিণ্ডাৰ ভৰোৱাৰ বাবে লোকৰ হাতত টকা নাই।
ব্যৱসায় বন্ধ হৈ পৰিছে। সাধাৰণ মহিলাৰ যন্ত্ৰণাৰ ছবিখন এয়াই। আমি কেতিয়া এই কষ্টৰ কথা পাতিম? দামবৃদ্ধি হ্ৰাস কৰক।’ উল্লেখ্য যে, পূৰ্বৰে পৰা দামবৃদ্ধিৰ দৰে স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত কেন্দ্ৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰি আহিছে প্ৰিয়ংকাই।
যোৱা ১১ আগষ্টটো তেওঁ দামবৃদ্ধিক লৈ কেন্দ্ৰক সমালোচনা কৰিছিল। উজ্বলা গেছ চিলিণ্ডাৰত দুখীয়া মহিলাক ৰাজসাহায্য দিয়াৰ দাবী জনাইছিল প্ৰিয়ংকাই।
Leave A Comment