• ৰাজনৈতিক হেঁচাৰ বাবে অধ্যাপকৰ পদত্যাগ! বিশ্বজুৰি প্ৰতিক্ৰিয়া

    ৰাষ্ট্ৰীয়
    ৰাজনৈতিক হেঁচাৰ বাবে অধ্যাপকৰ পদত্যাগ! বিশ্বজুৰি প্ৰতিক্ৰিয়া

    নতুন দিল্লী : দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয় ‘অশোকা’ৰ এগৰাকী অধ্যাপক তথা বুদ্ধিজীৱীয়ে পদত্যাগ কৰা ঘটনাই বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে। যোৱা সপ্তাহত বুদ্ধিজীৱী তথা ‘কমেণ্টেটৰ’ প্ৰতাপ ভানু মেহতাই পদত্যাগ কৰিছিল। তেওঁ মুকলিকৈ প্ৰকাশ কৰিছিল যে, বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই তেওঁক জনাইছিল যে বিশ্ববিদ্যালয়ৰ সৈতে তেওঁ জড়িত হৈ থকাটো কৰ্তৃপক্ষৰ বাবে এক ‘ৰাজনৈতিক বোজা’ (political liability)।





    আৰু পঢ়িব পাৰিব : কৰ’না সংক্ৰমণ তীব্ৰতৰ : দেশত নতুন স্বাস্থ্য সংকট!





    অৰ্থাৎ ৰাজনৈতিক হেঁচাৰ বাবেই অধ্যাপকগৰাকীয়ে অশোকা বিশ্ববিদ্যালয় ত্যাগ কৰিবলগীয়া হয়। বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী কঠোৰ সমালোচক তথা বিদ্যায়তনিক ক্ষেত্ৰৰ স্বাধীনতাৰ সপক্ষে মাত মাতোতা অধ্যাপকগৰাকীয়ে সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে সমগ্ৰ বিশ্বৰে বিদ্যায়তনিক মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।





    কলম্বিয়া, য়েল, হাৰ্ভাৰ্ড, প্ৰিন্সটন, অক্সফ’ৰ্ড আৰু কেমব্ৰিজৰ দৰে ভালেমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ ১৫০জনৰো অধিক শিক্ষাবিদে প্ৰতাপ ভানু মেহতাৰ সপক্ষে থিয় দিছে।





    আৰু পঢ়িব পাৰিব : কামৰূপ আৰক্ষীৰ অভিযানত পিস্তলসহ ৬০জাই সক্ৰিয় গুলী জব্দ! গ্ৰেপ্তাৰ ১





    বিশ্ববিদ্যালয়খনৰ ন্যাসৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁলোকে অধ্যাপকগৰাকী সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ ভূমিকাক সমালোচনা কৰিছে। ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজনেও এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইয়াক মতপ্ৰকাশৰ স্বাধীনতাৰ ওপৰত গুৰুতৰ আঘাত আখ্যা দিছে। দেশত বাক স্বাধীনতা তথা নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ হৰণ হোৱা এই ঘটনাই নতুন এক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে।