• ৰাম নাথাকিলে পৰিচয় শূন্য হ’ব অযোধ্যা : ৰাম জন্মভূমিত ৰাষ্ট্ৰপতি কোবিন্দ

    ৰাষ্ট্ৰীয়
    ৰাম নাথাকিলে পৰিচয় শূন্য হ’ব অযোধ্যা : ৰাম জন্মভূমিত ৰাষ্ট্ৰপতি কোবিন্দ

    লক্ষ্ণৌ : ৰাম অবিহনে অযোধ্যাত একো নাই। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই মন্তব্য কৰে। শনিবাৰে অযোধ্যা ভ্ৰমণ কৰাৰ সময়ত এই মন্তব্য কৰে ৰাষ্ট্ৰপতি কোবিন্দে। ৰাম মন্দিৰৰ নিৰ্মাণ চলি থকা অযোধ্যাৰ ভূমিত ভৰি দি ৰাষ্ট্ৰপতি কোবিন্দে কয়, ‘ৰাম অবিহনে, অযোধ্যা অযোধ্যা হ’ব নোৱাৰে। ৰাম থকা বাবেহে অযোধ্যাৰ পৰিচয় আছে। ভগৱান ৰামে এই চহৰত স্থায়ীভাৱে বাস কৰে আৰু সেইবাবেই এই চহৰ অযোধ্যা হৈ ৰৈছে।’

    অযোধ্যাত এখন ৰামায়ন সন্মিলন উদ্বোধন কৰি এই মন্তব্য কৰে ৰাষ্ট্ৰপতি কোবিন্দে। এই ভ্ৰমণকালতে তেওঁ ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য চলি থকা ৰামজন্মভূমি ক্ষেত্ৰও ভ্ৰমণ কৰিব। ভাষণত তেওঁ নিজৰ নামৰ প্ৰসংগ উল্লেখ কৰি কয়, ‘মই অনুভৱ কৰোঁ যে, মোৰ পৰিয়ালৰ সদস্যসকলে মোৰ নাম ৰখাৰ সময়ত ৰাম কতথা আৰু ভগৱান ৰামক শ্ৰদ্ধা সহকাৰে আৰু গভীৰ আন্তৰিকতাৰে মনত ৰাখিছিল। দেশৰ নাগৰিকৰ মাজত আজিও সেই শ্ৰদ্ধা আৰু আন্তৰিক ভক্তি অনুভৱ কৰিব পাৰি। ভাষণত তেওঁ অযোধ্যা নামৰ অৰ্থৰো বাখ্যা কৰে।