National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
কাবুলঃ তালিবান যোদ্ধাসকলে ঘৰে ঘৰে গৈ নাটো মিত্ৰজোঁট আৰু আফগান চৰকাৰক সহায় কৰা নাগৰিকসকলৰ অনুসন্ধান অব্যাহত ৰাখিছে। যদি তেওঁলোকে নিজকে ধৰা নিদিয়ে তেন্তে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক গ্ৰেপ্তাৰ, জেৰা আৰু উচিত শাস্তি বিহাৰ কথাও স্পষ্টকৈ প্ৰকাশ কৰিছে তালিবানীয়ে । এনে পৰিপ্ৰেক্ষিতত আফগান নাগৰিকসকলৰ নিৰাপত্তাৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনে এই সতৰ্কবাণী জাৰি কৰিছে।
উল্লেখ্য যে , উগ্ৰ ইছলামপন্থী তালিবানে ক্ষমতা দখল কৰাৰ পাছৰে পৰা আফগানসকলক আশ্বস্ত কৰিবলৈ চেষ্টা কৰি অহাৰ লগতে আফগান নাগৰিকসকলৰ ওপৰত কোনো ধৰণৰ প্ৰতিশোধ নোলোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও এই আশ্ৱাসত আশ্ৱস্ত হ’ব পৰা নাই আফগানসকল।
প্ৰাণৰ মমতাত দেশ এৰি বিদেশলৈ পলায়ন কৰিছে সহস্ৰ নাগৰিকে। এনে সময়তে তালিবানে ৰাষ্ট্ৰসংঘক চোৰাংচোৱা তথ্য প্ৰদান কৰা সকলক লক্ষ্য কৰি লোৱা বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা গোপন প্ৰতিবেদনে অধিক শংকিত কৰি তুলিছে আফগানসকলক। জানিবলৈ পোৱা মতে, এই তথ্য নৰ্ৱেজিয়ান চেণ্টাৰ ফ’ৰ গ্ল’বেল এনালাইচিছ-ৰিপৰ্টৰ পৰা এটা গোপন প্ৰতিবেদনত প্ৰকাশ পাইছিল। ৰাষ্ট্ৰসংঘই এই সংস্থাটোৰ পৰা চোৰাংচোৱা তথ্য লাভ কৰিছিল।
Leave A Comment