• ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ ফেচবুকৰ

    ৰাষ্ট্ৰীয়
    ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ ফেচবুকৰ

    নতুন দিল্লী : এইবাৰ ফেচবুকে ব্যৱস্থা গ্ৰহণ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে। কিছুদিন পূৰ্বে টুইটাৰে তেওঁৰ একাউণ্ট ব্লক কৰাৰ পাছত এইবাৰ ৰাহুলৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম পোষ্ট আঁতৰাই দিয়া হৈছে। ৰাহুল গান্ধীৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম পোষ্ট আঁতৰালে ছ’চিয়েল মিডিয়া ছাইট দুটাই।





    দিল্লীত ধৰ্ষণ-হত্যাৰ বলি হোৱা কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ আলোকচিত্ৰ প্ৰচাৰ কৰি ৰাহুলে কৰা পোষ্ট আঁতৰাই দিয়ে ছাইট দুটাই। এই সন্দৰ্ভত ফেচবুকে কয় যে, এই পোষ্টটোৱে ফেচবুকৰ নীতি উলংঘা কৰিছে। ‘আমাৰ নীতি উলংঘা কৰাৰ বাবে এই পোষ্ট আমি আঁতৰাইছোঁ।’ ফেচবুকৰ এজন মুখপাত্ৰই এইকথা প্ৰকাশ কৰে।





    ফেচবুক কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, এই পোষ্ট আঁতৰোৱা সন্দৰ্ভত ৰাহুল গান্ধীক তেওঁলোকে পূৰ্বে অৱগত কৰিছিল।