Regional
লক্ষ্ণৌ : ৰাজস্থানত বজ্ৰপাতত দেওবাৰৰ দিনটোত প্ৰায় কুৰিজন লোকে প্ৰাণ হেৰুওৱাৰ পাছত উত্তৰ প্ৰদেশতো কমেও ৪০জন লোকে প্ৰাণ হেৰুওৱা বুলি জানিব পৰা গৈছে। দুয়োখন ৰাজ্যতে দেওবাৰৰ দিনটোত ব্যাপক বৃষ্টিপাত হোৱাৰ লগতে ভালেমান ঠাইত বজ্ৰপাতৰ ঘটনা সংঘটিত হয়। কেৱল প্ৰয়াগৰাজ জিলাতে ১৪জনকৈ লোকৰ বজ্ৰপাতত মৃত্যু ঘটিছে।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃতসকলৰ পৰিয়ালৰ লোকলৈ ৫লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। তদুপৰি যিবোৰ লোকে বৰষুণৰ সৈতে জড়িত দুৰ্ঘটনাত তেওঁলোকৰ পশুধন হেৰুৱাবলগীয়া হৈছে তেনে পৰিয়াললৈও আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ গ্ৰামাঞ্চলতে সৰ্বাধিক সংখ্যাক লোকে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
প্ৰয়াগৰাজত ১৪জনে প্ৰাণ হেৰুওৱাৰ বিপৰীতে কানপুৰ আৰু ফাটেহপুৰ জিলাত ৫জনলৈ লোকে বজ্ৰৰ আঘাতত প্ৰাণ হেৰুৱাইছে। কৌশাম্বীত চাৰিজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ফিৰোজাবাদ, উন্নাও আৰু ৰায় বেৰেলীত দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। হাৰদৈ আৰু ঝাচীত এজনকৈ লোকৰ বজ্ৰপাতৰ ফলত মৃত্যু ঘটিছে।
Leave A Comment