• ৰৌৰকেলাৰ ষ্টীল প্লাণ্টত গেছ নিৰ্গত হৈ ৪ জনৰ মৃত্যু

    ৰাষ্ট্ৰীয়
    ৰৌৰকেলাৰ ষ্টীল প্লাণ্টত গেছ নিৰ্গত হৈ ৪ জনৰ মৃত্যু

    ৰৌৰকেলা : বিষাক্ত কাৰ্বন মন'ক্সাইড গেছ ক্ষৰণৰ পাছত ৰৌৰকেলাৰ ছেল ষ্টীল প্লাণ্টৰ এটা কয়লা ৰাসায়নিক বিভাগত তত্বাৱধানৰ কামত নিয়োজিত চাৰিজন ঠিকাভিত্তিক কৰ্মচাৰীৰ আজি পুৱা মৃত্যু হয়৷





    আৰু পঢ়িব পাৰিব : বিশেষভাৱে সক্ষম লোকে নিৰ্মাণ কৰি উলিয়ালে পকী দলং





    আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা মতে ঘটনাটো পুৱা প্ৰায় ৭:৩০ বজাত সংঘটিত হয়৷ ৰৌৰকেলাৰ আৰক্ষী অধীক্ষক মুকেশ কুমাৰ ভামুৱে প্ৰকাশ কৰা মতে গেছ কেনেদৰে নিৰ্গত হ'ল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। উদ্যোগটোৰ কৰ্তৃপক্ষই মৃত শ্ৰমিকসকলৰ পৰিয়ালক সকলোপ্ৰকাৰে সহায় কৰাৰ নিশ্চিতি প্ৰদান কৰিছে৷





    আৰু পঢ়িব পাৰিব : কোভিড-১৯ৰ আগ্ৰাসন : পুনৰ বন্ধ হ’ল বিদ্যালয়





    ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে। গেছ নিৰ্গত হোৱাৰ ফলত সংজ্ঞা হেৰুওৱা চাৰিজন লোকক হাস্পতালত ভৰ্তি কৰোঁৱা হৈছিল যদিও পাছত তেওঁলোকৰ মৃত্যু হয়৷ লোককেইজনক ক্ৰমে গণেশ চন্দ্ৰ পইলা (৫৯), অভিমন্যু চাহু (৩৩), ৰবিন্দ্ৰ চাহু (৫৯) আৰু ব্ৰহ্মাণ্ড পাণ্ডা (৫১) বুলি চিনাক্ত কৰা হৈছে।