• ‍মুখ্যমন্ত্ৰীক 'চৰিয়াম' বুলি কোৱা কেন্দ্ৰীয় মন্ত্ৰীক গ্ৰেপ্তাৰ

    ৰাষ্ট্ৰীয়
    ‍মুখ্যমন্ত্ৰীক 'চৰিয়াম' বুলি কোৱা কেন্দ্ৰীয় মন্ত্ৰীক গ্ৰেপ্তাৰ

    নতুন দিল্লী: কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰানেক গ্ৰেপ্তাৰ কৰা হৈছে। ২০ বছৰত প্ৰথমটো কেন্দ্ৰীয় মন্ত্ৰীক গ্ৰেপ্তাৰৰ ঘটনা। মহাৰাষ্ট্রৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক ‘চৰিয়াম’ বুলি মন্তব্য কৰাৰ বাবে ৰানেক গ্ৰেপ্তাৰ কৰা হয়। মহাৰাষ্ট্রৰ ৰত্নাগিৰি থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰানেক। ৰায়গড় মাহাদলৈ নিয়া হয় ৰানেক।





    উল্লেখ্য যে, স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে স্বাধীনতা বছৰ ভুলকৈ উল্লেখ কৰিছিল। ইয়াৰ বাবেই সেই স্থানত উপস্থিত থকা হ’লেই মুখ্যমন্ত্ৰীজনক চৰিয়াম বুলি এক জনসভাত উল্লেখ কৰিছিল নাৰায়ণ ৰানেই। ইয়াতেই শিৱ সেনাৰ নেতা-কৰ্মী খৰ্গহস্ত হৈ উঠে। ৰানেৰ বিৰুদ্ধে মহাৰাষ্ট্রৰ বিভিন্ন স্থানত ৪খন এজাহাৰ দাখিল কৰে শিৱ সেনাই।





    গ্ৰেপ্তাৰৰ আশংকা দেখি নাৰায়ণ ৰানে কাষ চাপে বোম্বে উচ্চ ন্যায়ালয়ৰ। কিন্তু বোম্বে উচ্চ ন্যায়ালয়ে শুনানী গ্ৰহণ কৰিলেও নাৰায়ণ ৰানেক সকাহ নিদিলে। বোম্বে উচ্চ ন্যায়ালয়ে নিৰাশ কৰাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰানেক। ইয়াৰ পূৰ্বে কোৱা ৰানেৰ মন্তব্যৰ প্ৰতিবাদত মুম্বাইত শিৱ সেনাৰ কৰ্মীসকলে এক সমদল বাহিৰ কৰে। ৰানেৰ ঘৰলৈ সমদল কৰি যায় ক্ষুব্ধ শিৱ সেনাৰ কৰ্মীসকলে। এই সমদল কাৰ্যসূচীত দুই দলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়।