নতুন দিল্লী: অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম ( এমট্ৰন) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দীৰ্ঘ দূৰত্বৰ ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে এন এল ডি, আই এল ডি আৰু আই এছ পি অনুজ্ঞা-পত্ৰপ্ৰাপ্ত দেশৰ ভিতৰতে প্ৰথম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। এই সম্পৰ্কে কালি নতুন দিল্লীত ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰণালয়ৰ অধীনস্থ টেলি-সংযোগ বিভাগৰ সৈতে এমট্ৰনৰ এক চুক্তি স্বাক্ষৰিত হয়।
টেলি-সংযোগ বিভাগৰ সঞ্চালক ধনঞ্জয় ৰঞ্জন আৰু এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে যাদৱে পুনৰ নবীকৰণ যোগ্য ২০ বছৰীয়া এই চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ জৰিয়তে এমট্ৰনে অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু ভূটান, নেপাল, ম্যানমাৰ, বাংলাদেশ আদি চুবুৰীয়া ৰাষ্ট্ৰসমূহত উচ্চ গতিসম্পন্ন ইণ্টাৰনেট ব্যৱস্থাৰ উন্নীতকৰণ আৰু সেৱা আগবঢ়োৱাৰ অনুজ্ঞা-পত্ৰ লাভ কৰে।
বহু প্ৰত্যাশিত এই ব্যৱস্থাৰ জৰিয়তে অঞ্চলটোত ইণ্টাৰনেট সেৱা অধিক সহজ, ফলপ্ৰসু আৰু ক্ষীপ্ৰ কৰি তোলাৰ ক্ষেত্ৰত এমট্ৰনক সক্ষম কৰি তুলিব বুলি আশা কৰা হৈছে।
Leave A Comment