• ‘কাবুল’ এতিয়া অতীত! পঞ্জশিৰ দখলৰ অভিমুখে তালিবান

    ৰাষ্ট্ৰীয়
    ‘কাবুল’ এতিয়া অতীত!  পঞ্জশিৰ দখলৰ অভিমুখে তালিবান

    আফগানিস্তানঃ তালিবানৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ যুযুধান যুঁজত অৱতীৰ্ণ হৈছে নৰ্দাৰ্ণ এলায়েন্স। আফগানিস্তানৰ বানু প্ৰদেশত নিহত প্ৰাদেশিক শীৰ্ষ নেতা। তদিও, তিনিজন তালিবান কমাণ্ডাৰসহ ৫০ জন লোকৰ মৃত্যু হয়।






    জানিবলৈ পোৱা মতে, উত্তৰ মিত্ৰজোঁটে আন্দাৰাব অঞ্চলত চৰম প্ৰতিৰোধৰ সন্মুখীন হৈছে। ৰক্তক্ষয়ী সংঘৰ্ষৰ পাছত আফগানসকলে একাধিক তালিবানক নিৰ্মূল কৰিবলৈ সক্ষম হোৱাৰ খবৰ আহিছে। ২০জন তালিবানীক বন্দী কৰিছে নৰ্দান এলায়েন্সে আনহাতে নৰ্দাৰ্ণ এলায়েন্সৰ এজন সদস্যই তালিবানৰ হাতত মৃত্যুবৰণ কৰাৰ লগতে আহত হৈছে ৬জন।





    আনহাতে, কাবুল দখলৰ পাছত তালিবানৰ চকু পৰিছে পঞ্জশিৰত। সম্প্ৰতি পঞ্জশিৰ প্ৰদেশ ঘেৰি ধৰিছে তালিবানে। পঞ্জশিৰৰ পুলটোত বানু, বডী শ্লেহ আৰু হেচাৰ নামৰ ৩ অঞ্চলৰ অধিকাৰও কৰিছে তালিবানে। নৰ্দাৰ্ণ এলায়েন্সে পঞ্জশিৰত তালিবানৰ বিৰুদ্ধে শক্তিশালী সমৰত আত্মনিয়োগ কৰিছে। পৰৱৰ্তী সময়ত নৰ্দান এলায়েঞ্চে তালিবানী সমৰক কিদৰে প্ৰত্যুত্তৰ দিয়ে সেয়াহে হ’ব লক্ষ্যণীয়!