• ‘কা’ বলবৎ হ’বই : পশ্চিমবংগত বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি

    ৰাষ্ট্ৰীয়
    ‘কা’ বলবৎ হ’বই : পশ্চিমবংগত বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি

    কলকাতা : কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবই আৰু ইয়াৰ জৰিয়তে শৰণাৰ্থী হিচাপে বসবাস কৰি থকা লোকসকলক নাগৰিকত্বও প্ৰদান কৰিব। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন উপলক্ষে বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰত এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

    আৰু পঢ়িব পাৰিব : শোকাৱহ ঘটনাত মৃত্যু পাঁচটিকৈ শিশুৰ

    ‘সোণাৰ বাংলা সংকল্প পত্ৰ’ শীৰ্ষক এই ইস্তাহাৰত শৰণাৰ্থীৰ বাবে বিজেপিয়ে আন ভালেমান সা-সুবিধা গ্ৰহণৰো প্ৰতিশ্ৰুতি দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে এই ইস্তাহাৰ মুকলি কৰে। য’ত স্পষ্টভাৱে ‘কা’ বলবৎ কৰাৰ কথা উল্লেখ কৰিছে।

    ইয়াৰ জৰিয়তে ৰাজ্যখনত ৭০বছৰ ধৰি শৰণাৰ্থী হিচাপে বসবাস কৰি থকা লোকসকলক নাগৰিকত্ব প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰিছে। আন ভালেমান নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ লগতে বিজেপিয়ে প্ৰতিটো শৰণাৰ্থী পৰিয়ালক প্ৰতিবছৰে পাঁচ বছৰলৈ ১০ হাজাৰকৈ টকা দিয়াৰো প্ৰতিশ্ৰুতি দিছে।

    আৰু পঢ়িব পাৰিব : গুৰগ্ৰামত উজলিল উত্তৰ-পূৱৰ সাজপাৰ, খাদ্য সম্ভাৰ !

    মন কৰিবলগীয়া যে, অসমত ‘কা’বিৰোধী প্ৰতিবাদৰ ঢৌ সম্পূৰ্ণৰূপে মাৰ নোযোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে অসমত ‘কা’ৰ প্ৰসংগ উত্থাপন কৰা নাই যদিও তেওঁলোকে পশ্চিমবংগত ‘কা’ বলবৎ কৰাৰ জৰিয়তে শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি দি নিজৰ উদ্দেশ্য স্পষ্ট কৰি দিছে।