Sports
গুৱাহাটীঃ বিশ্বব্যাপি গ্ৰাস কৰা মহামাৰী কৰ’নাক প্ৰতিহত কৰিবলৈ আজিৰ ২২ মাৰ্চৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল ‘জনতা কাৰ্ফিউ’। ক'ভিড ১৯ৰ ভয়াৱহতাত প্ৰত্যেকজন লোকেই যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলৈ বাৰম্বাৰ সতৰ্কতা জাৰি কৰিছিল চৰকাৰ প্ৰশাসনে৷
আৰু পঢ়িব পাৰিব : “মহাভাৰততো মামা আছিল, অসমতো মামা আছে” – প্ৰিয়ংকাৰ কটাক্ষ !
জনতা কাৰ্ফিউৰ সময়ত জৰুৰীকালীন সেৱাত জড়িত ব্যক্তিসকল যেনে আৰক্ষী, চিকিৎসা কৰ্মীকে আদি কৰি সংবাদ কৰ্মীসকলক উৎসাহ জনোৱাৰ বাবে থালি আৰু হাত চাপৰি বজাবলৈ মোদীয়ে দেশবাসীক আহ্বান কৰিছিল। সন্ধিয়া ৫ বজাৰ লগে লগে দুৱাৰ-খিৰিকীৰ সন্মুখত দেশত থালি, হাত চাপৰিৰ পৰা আৰম্ভ কৰি ডবা-শংখলৈকে বজোৱা পৰিলক্ষিত হৈছিল৷
আৰু পঢ়িব পাৰিব : হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ মৃত ১, আহত কেইবাজনো
অৱশ্যে দেশৰ বিভিন্ন ঠাইত সেই আহ্বানৰ বিপৰীত ছবি এখনহে প্ৰত্যক্ষ কৰা গৈছিল। কিছু কিছু ঠাইত সাধাৰণ ৰাইজে কাঁহী-বাতি, ঢোল-তাল, খোল-বৰকাঁহ আদিৰে পদযাত্ৰাও কৰা দেখা গৈছিল। আৰু এই হাস্যকৰ ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াযোগে বিশ্বজুৰি ভাইৰেল হৈছিল। পৰৱৰ্তী সময়ত প্রশাসনে লকডাউন ঘোষণা কৰিছিল।
Leave A Comment