• ‘টীম ইণ্ডিয়া’ৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ আয়োজন

    ৰাষ্ট্ৰীয়
    ‘টীম ইণ্ডিয়া’ৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ আয়োজন

    নতুন দিল্লী : টকিঅ’ অলিম্পিকত ভাগ লোৱা ভাৰতীয় দলৰ সকলো সদস্যকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে আমন্ত্ৰণ৷ লালকিল্লাত অনুষ্ঠিত হ'ব লগা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিশেষ সন্মান জনাব পদক বিজয়ীসকলক৷ তদুপৰি টকিঅ’ অলিম্পিকত ভাগ লোৱা সকলো ভাৰতীয় খেলুৱৈকে সন্মান জনাব প্ৰধানমন্ত্ৰীয়ে৷





    খেলুৱৈসকলক মোদীয়ে নিজৰ আৱাসলৈকো আমন্ত্ৰণ কৰিব বুলি জানিব পৰা গৈছে৷ টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ অংশ লৈছে ১২০জন খেলুৱৈকে ধৰি ২২৮জনীয়া দলে৷ উল্লেখ্য যে, অসমৰ লাভলীনা বৰগোহাঁইকে ধৰি তিনিগৰাকী খেলুৱৈয়ে ভাৰতলৈ পদক জয়ৰ আনন্দ কঢ়িয়াই আনিছে।





    আন ভালেকেইগৰাকী খেলুৱৈয়ে ছেমি ফাইনেল তথা ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ পদক জয়ৰ সম্ভাৱনা সজীৱ কৰি ৰাখিছে৷