নতুন দিল্লী : দেশ বিভাজনৰ যন্ত্ৰণাক কেতিয়াও পাহৰিব পৰা নাযায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই মন্তব্য কৰিছে। ১৪ আগষ্টৰ দিনটোক তেওঁ ‘দেশ বিভাজনৰ ভয়াৱহ স্মৃতি দিৱস’ বা ‘পাৰ্টিচন হ’ৰৰ্ছ ৰিমেমব্ৰেঞ্চ ডে’’ হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে।
দেশৰ স্বাধীনতা দিৱসৰ এদিন পূৰ্বে আৰু পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনটোত এই তাৎপৰ্যপূৰ্ণ ঘোষণা কৰা প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি টুইটযোগে প্ৰকাশ কৰে যে, ‘দেশ বিভাজনৰ যন্ত্ৰণাক কেতিয়াও পাহৰিব নোৱাৰি। আমাৰ লক্ষ লক্ষ ভাতৃ-ভগ্নীয়ে দেশ বিভাজনৰ বাবে নিজৰ ভেটি হেৰুৱাবলগীয়া হোৱাৰ লগতে অবিবেচনাপূৰ্ণ হিংসাৰ কৱলত পৰি বহুতে প্ৰাণ হেৰুৱাবলগীয়া হয়।
আমাৰ নাগৰিকসকলৰ এই ত্যাগ আৰু সংগ্ৰামক স্মৰণ কৰি ১৪ আগষ্টৰ দিনটোক দেশ বিভাজনৰ ভয়াৱহ স্মৃতি দিৱস হিচাপে আমি পালন কৰিম।’ উল্লেখ্য যে, দেশৰ ইতিহাসত দেশ বিভাজনৰ এই অধ্যায় আজিও এক দুঃসহ দুৰ্যোগৰ প্ৰতিৰূপ হিচাপে চিহ্নিত হৈ ৰৈছে।
Leave A Comment