• ‘শান্তিৰ মানৱ’ লাল বাহাদুৰ শাস্ত্ৰীৰ ১১৭সংখ্যক জন্ম বাৰ্ষিকীঃএক অৱলোকন

    ৰাষ্ট্ৰীয়
    ‘শান্তিৰ মানৱ’ লাল বাহাদুৰ শাস্ত্ৰীৰ ১১৭সংখ্যক জন্ম বাৰ্ষিকীঃএক অৱলোকন

    ডিজিটেল ডেস্কঃ আজি দেশৰ দ্বিতীয়গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মজয়ন্তী ৷ ১৯৬৪ চনৰ ২৭ মে’ত পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পাছতে ৯জুনত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল তেওঁ৷ লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল ১৯০৪ চনৰ ২ অক্টোবৰ তাৰিখে৷ পিতৃ সাৰদা প্ৰসাদ শ্ৰীবাস্তৱ আৰু মাতৃ ৰামদুলাৰী দেৱীৰ ঔৰসজাত সন্তান আছিল শাস্ত্ৰী৷





    শাস্ত্ৰীৰ পিতৃৰ পৰিয়ালটো ৰামনগৰ, বেনাৰসৰ জমিনদাৰ আছিল৷ ১৯০৬ চনত শাস্ত্ৰীৰ প্ৰায় ডেৰ বছৰ বয়সতে মহামাৰী প্লেগত আক্ৰান্ত হৈ পিতৃৰ মৃত্যু হয়৷ পিতৃৰ মৃত্যুৰ সময়ত শাস্ত্ৰীৰ মাতৃ ৰামদুলাৰী দেৱী আছিল অন্তঃসত্বা৷ ৰামদুলাৰী দেৱীয়ে শাস্ত্ৰী আৰু তেওঁৰ বায়েকক লগত লৈ ৰামনগৰৰ পৰা মোগলচৰাইৰ পিতৃগৃহলৈ গুচি যায়৷ তাত তেওঁ এগৰাকী কন্যা সন্তানক জন্ম দিয়ে।নাম-সুন্দৰী দেৱী। ইয়াৰ পাছত ককাক হাজাৰী লালজীৰ ঘৰতে শাস্ত্ৰী আৰু তেওঁৰ দুয়োগৰাকী বায়েক-ভনীয়েক ডাঙৰ-দীঘল হয়৷ প্ৰায়বোৰ কায়স্থ পৰিয়ালৰ দৰে শাস্ত্ৰীৰ পৰিয়ালটো ল’ৰা-ছোৱালীয়ে উৰ্দু আৰু সংস্কৃতি ভাষা শিকাটো পৰম্পৰা আছিল। কাৰণ, সেইসময়ত উৰ্দু আৰু ফৰাচী চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ শাস্ত্ৰীয়ে বুধন মিঞা নামৰ এগৰাকী মৌলবীৰ তাত শিক্ষাজীৱনৰ পাতনি মেলিছিল৷ তাত শাস্ত্ৰীয়ে ষষ্ঠমান শ্ৰেণীলৈ পঢ়িছিল৷ ১৯৭১ চনত মোমায়েক বিন্দেশ্বৰ প্ৰসাদৰ বেনাৰলৈ বদলি হয় আৰু মোমায়েকৰ সৈতে শাস্ত্ৰীৰ পৰিয়ালটো বেনাৰসলৈ গুছি আহে৷ বেনাৰসৰ হৰিশ চন্দ্ৰ হাইস্কুলত শাস্ত্ৰীয়ে সপ্তম শ্ৰেণীত নামভৰ্তি কৰে৷ সেই সময়তেই শাস্ত্ৰীয়ে তেওঁৰ জাতিগত উপাধি ‘শ্ৰীবাস্তৱ’ ত্যাগ কৰে৷ ১৯২১চনত দশম শ্ৰেণীৰ ছাত্ৰ শাস্ত্ৰীয়ে বেনাৰসত মহাত্মা গান্ধী আৰু পণ্ডিত মদন মোহন মালব্যৰ দ্বাৰা আয়োজিত এক জনসভাত অংশগ্ৰহণ কৰে৷ এই সভাতেই গান্ধীৰ ছাত্ৰসমাজক চৰকাৰী বিদ্যালয়ৰ পৰা নাম কৰ্তন আৰু অসহযোগ আন্দোলনত যোগদানৰ আহ্বানত অনুপ্ৰাণিত হয় শাস্ত্ৰী ৷





    পিছদিনাই শাস্ত্ৰীয়ে হৰিশ চন্দ্ৰ হাইস্কুলৰ পৰা নিজৰ নাম কৰ্তন কৰি স্বেচ্ছাসেৱক হিচাপে কংগ্ৰেছ দলৰ স্থানীয় শাখাত যোগদান কৰে ৷ ১৯২১ চনৰ ১০ ফেব্ৰুৱাৰীত মহাত্মা গান্ধীয়ে উদ্বোধন কৰা ‘কাশী বিশ্ববিদ্যালয়’ৰ পৰা ১৯২৫ চনত দৰ্শন বিষয়ত প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী লাভ কৰে শাস্ত্ৰীয়ে ৷ ইয়াতেই তেওঁক ‘শাস্ত্ৰী’ উপাধি প্ৰদান কৰা হয়৷ পৰৱৰ্তী সময়ত, ১৯২৮ চনত মহাত্মা গান্ধীৰ আহ্বান মৰ্মে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী সক্ৰিয় সদস্য হৈ পৰে৷ সেই সময়তেই তেওঁ এবছৰৰ বাবে কাৰাবাসো খাটিবলগীয়া হয় ৷ ১৯৩৭ চনত তেওঁ উত্তৰ প্ৰদেশৰ সংসদীয় পৰিষদৰ আহ্বায়ক সম্পাদক হিচাপে কাম কৰিছিল ৷ ১৯৪০ চনত তেওঁক সত্যাগ্ৰহ আন্দোলনক সমৰ্থন কৰাৰ অপৰাধত পুনৰ এবছৰৰ বাবে কাৰাবাসলৈ প্ৰেৰণ কৰা হয় ৷১৯৪২ চনৰ ৮ আগষ্টত মহাত্মা গান্ধীয়ে বোম্বেৰ গোৱালিয়া টেংকত ভাৰত ত্যাগৰ ভাষণত ব্ৰিটিছসকলক ভাৰত ত্যাগ কৰাৰ দাবী জনায় । সেইসময়তেই এবছৰ কাল কাৰাগাৰত কটাই অহা শাস্ত্ৰীয়ে পুনৰ এলাহাবাদ ভ্ৰমণ কৰে ৷ এসপ্তাহৰ বাবে, তেওঁ জৱাহৰলাল নেহৰুৰ ঘৰ আনন্দ ভৱনৰ পৰা স্বাধীনতা কৰ্মীসকললৈ নিৰ্দেশনা প্ৰেৰণ কৰিছিল । তেওঁ ১৯৩৭ আৰু ১৯৪৬ চনত ইউনাইটেড প্ৰভিন্সৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত, শাস্ত্ৰীক তেওঁৰ গৃহ ৰাজ্য উত্তৰ প্ৰদেশৰ সংসদীয় সচিব হিচাপে নিযুক্ত দিয়া হৈছিল । ১৯৪৭ চনৰ ১৫ আগষ্টত ৰফি আহমেদ কিদৱাই কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰি প্ৰস্থান কৰাৰ পাছত শাস্ত্ৰীক গোবিন্দ বল্লভ পন্তৰ মুখ্যমন্ত্ৰীত্বত আৰক্ষী আৰু পৰিবহন মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হয় ।১৯৫১ চনত পণ্ডিত জৱাহৰলাল নেহৰু মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়তেই শাস্ত্ৰীক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক দায়িত্ব অৰ্পণ কৰা হৈছিল ৷