• “মহিলাৰ দায়িত্ব কেৱল সন্তান জন্ম দিয়া”: মুখা খোল খাইছে তালিবানৰ

    ৰাষ্ট্ৰীয়
    “মহিলাৰ দায়িত্ব কেৱল সন্তান জন্ম দিয়া”: মুখা খোল খাইছে তালিবানৰ


    ডিজিটেল ডেস্ক: আধুনিক নাৰী মহাকাশলৈ গৈছে। আধুনিক নাৰীয়ে শিক্ষা, স্বাস্থ্য সকলো ক্ষেত্ৰতে অকল্পনীয় উৎকৰ্ষ সাধন কৰিছে। এনে সময়তে তালিবানৰ দ্বিতীয় সংস্কৰণ আহি গ’ল বুলি দাবী কৰা মহলৰ বাবে এটি হতাশাৰ খবৰ- - তালিবানী প্ৰবক্তা জেকৰুল্লাহ হাছিমিয়ে কৈছে,“মহিলা কেতিয়াও মন্ত্ৰী হ’ব নোৱাৰে, তেওঁলোকৰ কাম কেৱল সন্তান জন্ম দিয়া”।






    ট’ল’ নিউজ নামৰ এক সংবাদ প্ৰতিষ্ঠানে আফগানিস্তান চৰকাৰত মহিলা মন্ত্ৰী অন্তৰ্ভুক্ত নকৰাৰ প্ৰসংগত কৰা প্ৰশ্নৰ উত্তৰ দি প্ৰবক্তা গৰাকীয়ে লগতে কয় যে, “মহিলা এগৰাকীক মন্ত্ৰীত্বৰ বাব দিয়া আৰু তেওঁৰ গলধনত বহন কৰিব নোৱাৰা ধৰণৰ ভৰ আঁৰি দিয়া একেই কথা। কেবিনেটত নাৰীৰ উপস্থিতি জৰুৰী নহয়।”
    সাক্ষাৎ গ্ৰহণকাৰীগৰাকীয়ে তেতিয়া তেওঁক ওলোটাই প্ৰশ্ন কৰি কয় যে- - “কিন্তু মহিলাসকলে সমাজৰ অৰ্ধেক অংশক প্ৰতিনিধিত্ব কৰে”!






    হাছিমিয়ে উত্তৰত কয়,“আমি তেওঁলোকক সমাজৰ আধা বুলি গণ্য নকৰো। কেনেকুৱা ধৰণৰ অৰ্ধেক? অৰ্ধৰ অৰ্থ কেৱল এয়াই নে যে আপুনি তেওঁলোকক কেবিনেটত স্থান দিয়ক আৰু ইয়াতকৈ অধিক একো নহয়?আৰু যদিহে আপুনি তেওঁৰ অধিকাৰ ভংগ কৰে তেন্তে আপত্তি কৰিবলগীয়া একো নাই নেকি?বিগত ২০ টা বছৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ তলতীয়া আফগান চৰকাৰখনে কাৰ্যালয়বোৰত মুকলি বেশ্যামিৰ বাহিৰে কি কৰিছিল”?
    তেতিয়া ট’ল’ নিউজৰ সাংবাদিকে প্ৰতিবাদ কৰি কয় যে আপুনি প্ৰতিগৰাকী আফগান নাৰীক বেশ্যা বুলি উপলুঙা কৰিব নোৱাৰে।






    হাছিমিয়ে কয়,”ৰাজপথত প্ৰতিবাদ কৰা চাৰিগৰাকী মহিলাই সকলো আফগান নাৰীকে প্ৰতিনিধিত্ব নকৰে।আফগানিস্তানৰ নাৰী হ’ল সেইসকল যিসকলে জন্ম দিছে আফগানিস্তানৰ জনগণক, যিসকলে তেওঁলোকক শিক্ষিত কৰিছে ইছ্লামিক আদৰ্শেৰে”!
    যি নহওঁক, হাছিমিৰ এই বক্তব্যই তালিবানে দাবী কৰি অহা ইয়াৰ সংশোধিত ৰূপটো যে কেৱল এক আৱৰণ আৰু চৰম মিথ্যাচাৰ সেয়াই উদঙাই দিছে।