• 'আল্লাহু আকবৰ' ধ্বনি দি ফালি পেলালে পাকিস্তানী পতাকা

    ৰাষ্ট্ৰীয়
    'আল্লাহু আকবৰ' ধ্বনি দি ফালি পেলালে পাকিস্তানী পতাকা

    ডিজিটেল ডেস্কঃ আফগানভূমিত মাৰ যোৱা নাই উত্তেজনাৰ। তালিবানীসকলে শাসনৰ বাঘজৰী হাতত লোৱাৰ পাছৰে পৰা সংঘটিত হৈ আছে এটাৰ পাছত এটা উদ্বেগজনক ঘটনা। উল্লেখ্য যে, আফগানিস্তানত তালিবানীৰাজৰ চৰ্চা বিশ্বজুৰি অব্যাহত থকাৰ সময়তে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। ক্ৰমাত পাকিস্তানৰে মৈ-মতালি বৃদ্ধি পাইছে তালিবানৰ। বিগত সময়ছোৱাত আফগানিস্তানৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰি পাক বিমানে আফগানভূমিৰ পৰা পলায়ন কৰা বুলি হনুবাৰ্তা ওলোৱাৰ পাছৰে পৰা অধিক সচেতন হৈ পৰিছে তালিবান। পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কেতবোৰ কঠোৰ নীতি।





    শেহতীয়াকৈ পাকিস্তানৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ পৰা পাকিস্তানী পতাকা নমাই আনি ফালি পেলোৱা এক ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পাক-আফগান কো-অপাৰেশ্যন ফ'ৰামৰ উদ্যোগত পাকিস্তানৰ পৰা বিভিন্ন সামগ্ৰীভৰ্তি ১৭ খন ট্ৰাক আফগানিস্তান অভিমুখে ৰাওনা হৈছিল। পাক-আফগান সীমান্তৰ টুৰ্খামত কিছুসংখ্যক তালিবানীয়ে ট্ৰাকবোৰ ৰখাই পাকিস্তানী পতাকা নমাই আনি 'আল্লাহু আকবৰ' ধ্বনি দি ফালি পেলায়। পাক-আফগান য়ুথ ফ'ৰামে জনোৱামতে চাউল, আটা, চেনী, ৰন্ধন তেল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীভৰ্তি ১৭ খন ট্ৰাক পাকিস্তানৰ পৰা আফগানিস্তানলৈ ৰাওনা হৈছিল। আনকি তালিবানীসকলে পাকিস্তানৰ পতাকা জ্বলাই দিবও লাগে বুলি ৰাজনৈতিক গৱেষক আব্দুল ছায়েদৰ এক টুইটাৰত প্ৰকাশ পাইছে। তালিবানৰ এই দপদপনিৰ বিপৰীতে পাকিস্তানে ঘটনাটো সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!