• ওড়িশাত ভয়ংকৰ দুৰ্ঘটনা, সেতুৰ পৰা বাগৰিল কলকাতা অভিমুখী বাছ , কমেও ৫ জন নিহত

    ৰাষ্ট্ৰীয়
    ওড়িশাত ভয়ংকৰ দুৰ্ঘটনা,  সেতুৰ পৰা বাগৰিল  কলকাতা অভিমুখী বাছ , কমেও ৫ জন নিহত
    ডিজিটেল ডেস্কঃ ওড়িশাত সংঘটিত হৈছে এক  ভয়ংকৰ দুৰ্ঘটনা। কলকাতা অভিমুখী  এখন যাত্ৰীবাহী বাছ এখন সেতুৰ পৰা বাগৰি পৰাৰ ফলত ৫ গৰাকী লোক নিহত হৈছে | সোমবাৰে নিশা সংঘটিত  দুৰ্ঘটনাটোত আহত বহুতৰে অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ  তালিকা খন আৰু দীঘল হ'ব পাৰে বুলি আশংকা কৰা হৈছে। আন ৩০ জন লোক  গুৰুতৰভাৱে আহত হৈছে । এয়া  এতিয়াও স্পষ্ট  হোৱা নাই যে তেওঁলোক বংগ নে ওড়িশাৰ লোক । ধাৰণা কৰা অনুসৰি  চালকজনে নিয়ন্ত্ৰণ হেৰুৱাইপেলোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হৈছে।

    সোমবাৰে নিশা প্ৰায় ৯ বজাত দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰাথমিক তথ্য অনুসৰি, ওড়িশাৰ  জয়পুৰ জিলাৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাৱতী দলঙৰ পৰা বাছখন বাগৰি পৰে। বাছখনে কটকৰ পৰা কলকাতালৈ প্ৰায় ৫০ গৰাকী  যাত্ৰী কঢ়িয়াই নিছিল। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। আহতসকলৰ চিকিৎসা  চলি আছে।বাছ চালকজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে 

    ওড়িশাৰ  মুখ্যমন্ত্ৰী নবীন পাটনায়কে ঘটনাটোত  শোক প্ৰকাশ কৰিছে। ওড়িশা  চৰকাৰে মৃতকৰ পৰিয়ালক ৩ লাখ টকাৰ অনুদান ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী নবীন পাটনায়কে  আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল আৰু তেওঁলোকক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।  ।