• ৮০০ বছৰীয়া চমৎকাৰী শিৱ মন্দিৰ! মন্দিৰটোৰ চিৰিত বাজি উঠে সংগীতৰ সুৰ

    ৰাষ্ট্ৰীয়
    ৮০০ বছৰীয়া চমৎকাৰী শিৱ মন্দিৰ! মন্দিৰটোৰ চিৰিত বাজি উঠে সংগীতৰ সুৰ
    ডিজিটেল ডেস্কঃ বৰ্তমান চলি আছে শাওণ মাহ।  এই মাহত ভগৱান শিৱক পূজা কৰিলে ভক্তসকলৰ ইচ্ছা পূৰণ হয়। আজি আমি আপোনালোকক চিনাকি কৰাই দিম এটা ৮০০ বছৰীয়া পুৰণি ভগৱান শিৱৰ মন্দিৰৰ সৈতে।  এই মন্দিৰৰ নিজস্ব ধৰ্মীয় তাৎপৰ্য্য আছে।

    ভাৰতক মঠ-মন্দিৰৰ দেশ বুলি কোৱা হয়। ভাৰতত এনে কিছুমান মন্দিৰ আছে, যি অতি চমৎকাৰী। তেনে এটা মন্দিৰ হ'ল তামিলনাডুৰ কুম্বকোনামৰ ওচৰৰ দাৰাছুৰামত অৱস্থিত ‘ঐৰাৱতেশ্বৰ মন্দিৰ’।  এই মন্দিৰটোক ইউনেস্কোৱে বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰিছে।  দ্বাদশ শতিকাত মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। ঐৰাৱতেশ্বৰ মন্দিৰ ভগৱান শিৱৰ নামত উচৰ্গা কৰা হৈছে।  ভগৱান শিৱক ইয়াত ঐৰাৱতেশ্বৰ নামেৰে পূজা হয়।  দেৱতাৰ ৰজা ইন্দ্ৰৰ বাহন বগা হাতী ঐৰাৱতে এই মন্দিৰত ভগৱান শিৱক পূজা কৰিছিল বুলি বিশ্বাস কৰা হয়।

    এই মন্দিৰৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ’ল ইয়াৰ চিৰিৰ পৰা সংগীতৰ সুৰ ওলাই আহে, যাৰ বাবে এই মন্দিৰটো একেবাৰে অনন্য।  কেৱল ধৰ্মীয় তাৎপৰ্য্য থকাই নহয়, প্ৰাচীন স্থাপত্যৰ বাবেও এই মন্দিৰ বিখ্যাত।  মন্দিৰৰ আকৃতি আৰু দেৱালত খোদিত কৰা চিত্ৰই বহুত মানুহক আকৰ্ষণ কৰে।

     এই মন্দিৰটো দ্ৰাবিড় শৈলীৰে নিৰ্মাণ কৰা হৈছিল।  প্ৰাচীন মন্দিৰটোত আপুনি ৰথৰ গঠনো দেখিবলৈ পাব। ইয়াত বৈদিক আৰু পৌৰাণিক দেৱতা ইন্দ্ৰ, অগ্নি, বৰুণ, বায়ু, ব্ৰহ্মা, সূৰ্য্য, বিষ্ণু, সপ্তমাত্ৰিক, দুৰ্গা, সৰস্বতী, লক্ষ্মী, গংগা, যমুনাৰ ছবি খোদিত আছে।

     এই মন্দিৰৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে ইয়াত থকা চিৰিবোৰ।  মন্দিৰৰ প্ৰৱেশদ্বাৰত এটা শিলৰ চিৰি আছে, তাৰ প্ৰতিটো খোজতে এটা বেলেগ শব্দ ওলাই আহে।  এই চিৰিবোৰৰ মাজেৰে সংগীতৰ সাতটা স্বৰ শুনিব পাৰি।  চিৰিৰে খোজ কাঢ়িলেই এঈ সুৰটো শুনিবলৈ পাব।

    উল্লেখ্য যে ঐৰাৱত হাতীটো বগা আছিল বুলি বিশ্বাস কৰা হয়, কিন্তু দূৰ্বাসা ঋষিৰ অভিশাপৰ বাবে হাতীটোৰ ৰং সলনি হ’ল।  এই কথাত তেওঁ বৰ দুখ পাইছিল।  এই মন্দিৰৰ পবিত্ৰ পানীত স্নান কৰি তেওঁ পুনৰ বগা ৰং পালে।  মন্দিৰটোত বহুতো শিলালিপি আছে।  এই মন্দিৰলৈ আহিলে ভক্তৰ সকলো মনোকামনা পূৰ্ণ হয়।