• EXIT POLL: দিল্লী পৌৰসভা দখল কৰিব নে আম আদমী পাৰ্টীয়ে? কি ক’লে দেশৰ আগশাৰীৰ নিউজ চেনেলসমূহে?

    ৰাষ্ট্ৰীয়
    EXIT POLL: দিল্লী পৌৰসভা দখল কৰিব নে আম আদমী পাৰ্টীয়ে? কি ক’লে দেশৰ আগশাৰীৰ নিউজ চেনেলসমূহে?
    ডিজিটেল ডেস্কঃ ১৫ বছৰৰ পাছত দিল্লী পৌৰ নিগমৰ পৰা আঁতৰ হ’ব বিজেপি! দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ এক্জিট প’ল (EXIT POLL)সমূহত সেই কথাই প্ৰতিপন্ন হৈছে। দেশৰ আগশাৰীৰ নিউজ চেনেলসমূহে চলোৱা এই এক্জিট প’লসমূহত আম আদমী পাৰ্টিয়ে শীৰ্ষস্থান লাভ কৰিছে।

    NDTVৰ সমীক্ষাত AAPক দিয়া হৈছে ১৫৫খন আসন। বিজেপিক দিয়া হৈছে ৮৪ খন আসন। ইয়াৰ বিপৰীতে কংগ্ৰেছক দিয়া হৈছে ৭খন আসন।

    আজটক-এক্সিছ মাই ইণ্ডিয়া (Aaj Tak-Axis My India)-ৰ সমীক্ষামতে, আপে লাভ কৰিছে ১৪৯ৰ পৰা ১৭১খন আসন। বিজেপিয়ে লাভ কৰিছে ৬৯ৰ পৰা ৭১ খন আসন। 

    টাইমছ নাও-ইটিজি (Times Now-ETG)-ৰ সমীক্ষামতে, আপে লাভ কৰিব ১৪৬ৰ পৰা ১৫৬ খন আসন। বিজেপিয়ে লাভ কৰিছে ৮৪ৰ পৰা ৯৪খন আসন।

    নিউজ এক্স-জন কী বাতৰ সমীক্ষা মতে, আপে ১৫৯ৰ পৰা ১৭৫খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ৭০ৰ পৰা ৯২খন আসন।
    আনহাতে, সকলো সমীক্ষাতে পিছ পৰি আছে কংগ্ৰেছ। কংগ্ৰেছে মাত্ৰ ১০খন আসনতে সন্তুষ্ট থাকিব বুলি কোৱা হৈছে।

    উল্লেখ্য যে দিল্লী পৌৰ নিগমত ২৫০খন আসন আছে। আম আদমী পাৰ্টিয়ে দিল্লীত কৰা উন্নয়নমূলক কাম-কাজৰ বাবেই পৌৰ নিগমত এই বিপুল বিজয় লাভ কৰিব বুলি কোৱা হৈছে।