• আদালতৰ চৌহদতে অচিনাক্ত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিলে কুখ্যাত গেংষ্টাৰক, ক’ত?

    ৰাষ্ট্ৰীয়
    আদালতৰ চৌহদতে অচিনাক্ত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিলে কুখ্যাত গেংষ্টাৰক, ক’ত?
    ডিজিটেল ডেস্কঃ বুধবাৰে লক্ষ্ণৌ অসামৰিক আদালতৰ ভিতৰত একাংশ অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে কুখ্যাত গেংষ্টাৰ সঞ্জীৱ জীভাক। আদালতৰ ভিতৰতে হোৱা এই গুলীচালনাৰ ঘটনাত সঞ্জীৱ জীভাৰ মৃত্যু হোৱাৰ লগতে এগৰাকী কণমানি ছোৱালীও আহত হয়।

    গেংষ্টাৰলৈ পৰিণত হোৱা ৰাজনীতিবিদ মুখতাৰ আনছাৰীৰ ঘনিষ্ঠ সহায়ক আছিল সঞ্জীৱ। বিজেপি বিধায়ক ব্ৰহ্মদত্ত দ্বিবেদীৰ হত্যাকাণ্ডৰ অভিযুক্ত আছিল আছিল সঞ্জীৱ জিভা। উক্ত হত্যাকাণ্ডৰ আন এজন অভিযুক্ত আছিল মুখতাৰ আনছাৰী।

    এটা অপৰাধমূলক গোচৰৰ শুনানিৰ বাবে লক্ষ্ণৌ আদালতলৈ অনা হৈছিল গেংষ্টাৰ সঞ্জীৱক। খবৰ অনুসৰি, গুলীচালনাকাৰীয়ে অধিবক্তাৰ বেশত আদালতত উপস্থিত হৈ তেওঁৰ ওপৰত গুলীচালনা কৰে। গুলীচালনা কৰি সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আক্ৰমণকাৰী। 

    এই আক্ৰমণত এজন আৰক্ষী কনিষ্টবলো আহত হয়। ইতিমধ্যে চিকিৎসাৰ বাবে লক্ষ্ণৌ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ হৈছে আৰক্ষী কনিষ্টবলগৰাকীক।