• মৃত্যু হ’ল দূৰদৰ্শনৰ এখন চিনাকি মুখ গীতাঞ্জলী আয়াৰঃ তিনিটা দশকধৰি ইংৰাজী বাতৰি উপস্থাপন কৰি আহিছিল গীতাঞ্জলীয়ে

    ৰাষ্ট্ৰীয়
    মৃত্যু হ’ল দূৰদৰ্শনৰ এখন চিনাকি মুখ গীতাঞ্জলী আয়াৰঃ তিনিটা দশকধৰি ইংৰাজী বাতৰি উপস্থাপন কৰি আহিছিল গীতাঞ্জলীয়ে
    ডিজিটেল ডেস্কঃ দূৰদৰ্শনৰ জনপ্ৰিয় বাতৰি উপস্থাপক গীতাঞ্জলি আইয়াৰৰ বুধবাৰে দেহাৱসান ঘটে। তিনিটা দশক ধৰি গীতাঞ্জলি আয়াৰে ইংৰাজী বাতৰি উপস্থাপনেৰে দেশৰ দৰ্শকক জনাই আহিছিল গুৰুত্বপূৰ্ণ খবৰ।

    দেশৰ অগ্ৰণী ইংৰাজী বাতৰি উপস্থাপকসকলৰ ভিতৰত অন্যতম আছিল গীতাঞ্জলী আইয়াৰ। ১৯৭১ চনত দূৰদৰ্শনত কৰ্মজীৱন আৰম্ভ কৰা আইয়াৰে ৩০ বছৰীয়া দীঘলীয়া কেৰিয়াৰৰ সময়ছোৱাত চাৰিবাৰকৈ শ্ৰেষ্ঠ এংকৰ ব্যক্তিৰ সন্মান লাভ কৰিছিল। ১৯৮৯ চনত তেওঁ ইন্দিৰা গান্ধী প্ৰিয়াদৰ্শিনী বঁটাও লাভ কৰে।

    আইয়াৰে কলকাতাৰ লৰেটো কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি নেচনেল স্কুল অৱ ড্ৰামাৰ পৰা ডিপ্লমা লাভ কৰিছিল। অল ইণ্ডিয়া ৰেডিঅ’, দিল্লীত জনপ্ৰিয় ইংৰাজী গীতৰ অনুৰোধ অনুষ্ঠান ‘এ ডেট উইথ ইউ’ৰ উপস্থাপিকা আছিল গীতাঞ্জলী আইয়াৰ। এই অগ্ৰজ সাংবাদিক গৰাকীৰ মৃত্যুৱে শোকৰ বন্যা নমাই আনিছে দূৰদৰ্শনৰ দৰ্শক সকললৈ।