ডিজিটেল ডেস্কঃ মুছলমান যুৱতীৰ প্ৰেমত পৰাৰ বাবেই চৰম পৰিণতিৰ সন্মুখীন হ’ল এজন হিন্দু যুৱক! যুৱতীৰ পৰিয়ালৰ লোকে হত্যা কৰি ৮ টুকুৰা কৰিলে যুৱকৰ শৰীৰ । এই ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশত । হিমাচলৰ চম্পা অঞ্চলত সংঘটিত হৈছে এই ভয়ানক দুৰ্ঘটনা।
এই পৰ্যন্ত হত্যাৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ৬ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল ২৮ বছৰীয়া মনোহৰ নামৰ যুৱকজন। দুদিন পিছত অৰ্থাৎ ৮ জুনত মনোহৰ নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে।
তাৰপিছত আৰক্ষীয়ে তদন্তৰ অন্তত ৯ জুনত এই নৃশংস ঘটনাৰ সম্ভেদ লাভ কৰে । তদন্তৰ অন্তত আৰক্ষীয়ে লাভ কৰে যুৱকৰ ছিন্ন ভিন্ন শৰীৰ। এই ঘটনাত শ্বাবিৰ, মুছাফিৰ হোছেইন আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, এই তিনিওগৰাকী লোক মনোহৰৰ প্ৰেমিকাৰ পৰিয়ালৰ সদস্য।
প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা মতে মুছলমান যুৱতী গৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল মনোহৰৰ। কিন্তু তেওঁলোকৰ সম্পৰ্কত তীব্ৰ আপত্তি আছিল যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ। যাৰ বাবে মনোহৰক নিঃশেষ কৰি দিয়াৰ পৰিকল্পনা ৰচনা কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্যই।
জানিব পৰা মতে, প্ৰথমে যুৱকজনক হত্যা কৰা হয় আৰু তাৰ পিছত প্ৰমাণ নষ্ট কৰিবলৈ মৃতদেহটো আঠটাকৈ টুকুৰা কৰি বেগত ভৰাই নলাত পেলাই দিয়া হয়।চম্পাৰ আৰক্ষী অধীক্ষক অভিষেক যাদৱে কয় যে যুৱতীগৰাকীক আটক কৰি জেৰা অব্যাহত ৰখা হৈছে। ইয়াৰ উপৰিও অভিযুক্তৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰা হৈছে। ইফালে পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে মনোহৰৰ পৰিয়াল।
Leave A Comment