• আন্তর্জাতিক ব্যাঘ্ৰ দিৱসতেই মৃত্যু হ’ল বিৰল প্ৰজাতিৰ বাঘ বন্যাৰ

    ৰাষ্ট্ৰীয়
    আন্তর্জাতিক ব্যাঘ্ৰ দিৱসতেই মৃত্যু হ’ল বিৰল প্ৰজাতিৰ বাঘ বন্যাৰ
    ডিজিটেল ডেস্ক: যোৱাকালি সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন কৰা হ’ল৷ কিন্তু আন্তৰ্জাতিক  ব্যাঘ্ৰ দিৱসৰ দিনাই এক খবৰে দুখিত কৰিছে সকলোকে৷ 

    দেশত বিভিন্ন কাৰ্যসূচীৰে ব্যাঘ্ৰ দিৱস উদযাপিত হোৱাৰ সময়তেই বাঙ্গালোৰৰ বানাৰঘট্টা ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হ’ল বগা ৰঙৰ বাঘ বন্যাৰ। এই বাঘ হৈছে অতি বিৰল প্ৰজাতিৰ। 

    উদ্যানখনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে মৃত্যুৰ সময়ত বন্যাৰ বয়স আছিল ছয় বছৰ। এক ভাইৰেল সংক্ৰমণৰ ফলত বন্যাৰ শৰীৰৰ বিভিন্ন অংগ বিফল হৈ পৰাত বন্যাই মৃত্যু সাৱতি লয়৷

    যোৱা শুক্ৰবাৰে আছিল বন্যাৰ জন্মদিন৷ জন্মদিনৰ ঠিক এদিন পিছতেই মৃত্যুক সাৱতি লোৱা বন্যাক লৈ এতিয়া মৰ্মাহত হৈ পৰিছে সকলো। জানিব পৰা মতে, ২০১৬ চনৰ ২৯ জুলাইত জন্ম হৈছিল বন্যাৰ।