• কাৰাগাৰত মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে কেজৰিৱালক; সংবাদমেলত কেজৰিৱালৰ স্বাস্থ্যৰ প্ৰতিবেদন প্ৰকাশ আপৰ

    ৰাষ্ট্ৰীয়
    কাৰাগাৰত মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে কেজৰিৱালক; সংবাদমেলত কেজৰিৱালৰ স্বাস্থ্যৰ প্ৰতিবেদন প্ৰকাশ আপৰ
    ডিজিটেল ডেস্ক: তিহাৰৰ অন্ধ কুঠৰীত চলিছে অৰবিন্দ কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰ। মধুমেহ ৰোগত আক্ৰান্ত কেজৰিৱালক দিয়া হোৱা নাই ইনছুলিন। কাৰাবন্দী কেজৰিৱালৰ স্বাস্থ্যক লৈ এই বিস্ফোৰক দাবী আম আদমী পাৰ্টিৰ। কাৰাবন্দী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্যক লৈ ইখনৰ পাছত সিখনকৈ সংবাদমেল সম্বোধন আপৰ। সংবাদমেলত কাৰাগাৰ কতৃপক্ষৰ বিৰুদ্ধে ইটোৰ পাছত সিটো বিস্ফোৰক অভিযোগ আম আদমি পাৰ্টীৰ। যোৱা দিনকেইটাত কেজৰিৱালৰ চুগাৰ লেভেল চিন্তনীয়ভাৱে বৃদ্ধি পাইছে। কিন্তু ইয়াৰ পাছতো কেজৰিৱালক প্ৰদান কৰা হোৱা নাই ঔষধ। ইয়াৰ জৰিয়তে তেওঁক ক্ৰমাৎ মৃত্যুৰ মুখলৈ ঠেলি দিব বিচৰা হৈছে। সংবাদমেলত এই বিস্ফোৰক অভিযোগ আপ নেতা সৌৰভ ভৰদ্বাজৰ। ইপিনে, সৌৰভ ভৰদ্বাজৰ পাছতেই কেবিনেট মন্ত্ৰী আতিশী মাৰ্লিনায়ো উত্থাপন কৰিলে অনুৰূপ অভিযোগ। অভিযোগ উত্থাপন কৰাই নহয় আপ নেত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰিলে কেজৰিৱালৰ চুগাৰ ৰিদিঙৰ ৰিপোৰ্ট। ১২ৰ পৰা ১৭ এপ্ৰিললৈ কেজৰিৱালৰ চুগাৰ ৰিডিং প্ৰকাশ কৰিলে আতিশী মাৰ্লিনাই। য'ত দেখা গৈছে সেই দিনকেইটাত ক্ৰমাৎ বাঢ়িছে অৰবিন্দ কেজৰিৱালৰ তেজত শৰ্কৰাৰ পৰিমাণ। কিছু দিন পূৰ্বে তদন্তকাৰী সংস্থা EDএ কেজৰিৱালৰ বিৰুদ্ধে উত্থাপন কৰিছিল বিস্ফোৰক অভিযোগ। নিজৰ চুগাৰ লেভেল বঢ়াবলৈ কেজৰিৱালে আম খোৱা বুলি অভিযোগ উত্থাপন কৰিছিল EDএ। এনেদৰেই কাৰাবন্দী কেজৰিৱালৰ স্বাস্থ্যক লৈও এতিয়া চলিছে কূটিল ৰাজনীতি। কাৰ অভিযোগ সঁচা অথবা কাৰ অভিযোগ মিছা সেয়া নিৰ্ধাৰণ কৰিবলৈ গৈ বিমোৰত পৰিছে দিল্লীৰ জনতা।