ডিজিটেল ডেস্ক : কাশ্মীৰ উপত্যকাত পর্যটন-কালৰ আৰম্ভণি ৰূপে, অহা ২৬ মার্চত ডাল হ্রদ আৰু ঝাবাৰৱান পাহাৰৰ মাজত থকা এছিয়াৰ বৃহত্তম টিউলিপ বাগিচাখন দর্শনার্থীৰ বাবে মুকলি কৰা হ'ব। মুকলি কৰিব কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই।
উল্লেখযোগ্য যে এসময়ৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গোলাম নবী আজাদে ২০০৭ চনত ৰাজ্যখনত পর্যটন-কাল আগুৱাই আনিবলৈ ইন্দিৰা গান্ধী মেম'ৰিয়েল টিউলিপ গার্ডেন নামৰ এই বাগিচাখন স্থাপন কৰিছিল।
তাৰ আগতে ৰাজ্যখনৰ পৰ্যটন-কাল আছিল গ্রীষ্ম আৰু শীতকাল। পূৰ্বতে এই বাগিচাখন চিৰাজ বাগ নামেৰে জনাজাত আছিল। এইবাৰ নতুনকৈ যোগ দিয়া দুটা তৰহৰ টিউলিপৰ সৈতে বাগিচাখনত মুঠ ৭৪ তৰহৰ টিউলিপ আছে।
ইয়াৰ সৈতে বাগিচাখনত আছে হাইয়াচিনথ (মেটেকা জাতীয় বিভিন্ন ফুল), ডেফ'ডিল, মাছকেৰী আৰু চাইক্লেমিন। বাগিচাখনৰ কৰ্তৃপক্ষৰ মতে, এই বছৰ ৫৫ হেক্টৰ মাটিত (প্রায় ২১৯ বিঘা) ১৭ লাখ টিউলিপৰ আলু ৰোপণ কৰা হৈছে। উল্লেখযোগ্য যোৱা বৰ্ষত ৪.৬৫ দর্শনার্থীয়ে এই টিউলিপ বাগিচা দর্শন কৰিছিল।
উৎস- দৈনিক জনমভূমি
Leave A Comment