• ৪ ফুট ৩ ইঞ্চি দীঘল চুলিৰে বিশ্ব অভিলেখ গঢ়িলে এজন ভাৰতীয় কিশোৰে

    ৰাষ্ট্ৰীয়
    ৪ ফুট ৩ ইঞ্চি দীঘল চুলিৰে বিশ্ব অভিলেখ গঢ়িলে এজন ভাৰতীয় কিশোৰে
    ডিজিটেল ডেস্কঃ এজন ভাৰতীয় কিশোৰৰ প্ৰাপ্তিত সচকিত বিশ্ব৷কিশোৰজনৰ নাম ছিদাকদ্বীপ সিং চাহাল৷ উত্তৰ প্ৰদেশৰ ১৫ বছৰীয়া কিশোৰ ছিদাকদ্বীপ সিং চাহালে ১৩০ চেণ্টিমিটাৰ (প্ৰায় ৪ ফুট ৩ ইঞ্চি) দৈৰ্ঘ্যৰ চুলিৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে।

    কেশসজ্জাৰ প্ৰতি চাহালৰ আছে বিশেষ দুৰ্বলতা, সেই বাবে চাহালে প্ৰতিদিনেই প্ৰায় এঘণ্টা সময় চুলি ধোৱা, শুকোৱা, ব্ৰাছ কৰা আদি কামত খৰচ কৰে তদুপৰি চাহালে গোটেই জীৱন কেতিয়াও চুলি কটা নাছিল।

    গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে কিশোৰগৰাকীৰ এই ভিডিঅ’টো  ‘এক্স’ত ১৪ ছেপ্তেম্বৰত পোষ্ট কৰিছিল।ভিডিঅ’টোত চাহালে নিজৰ অভিলেখৰ বিষয়ে সবিশেষ শ্বেয়াৰ কৰা দেখা গৈছে আৰু এই আকৰ্ষণীয় চুলিৰ দৈৰ্ঘ্যৰ লগত খাপ খুৱাই ৰখাৰ সৈতে তেওঁ কেনেদৰে মোকাবিলা কৰে সেই সম্পৰ্কেও সকলোকে অৱগত কৰা পৰিলক্ষিত হয়৷

    চাহালে কয় যে ইমান দীঘল চুলি চম্ভালিবলৈ টান। ভিডিঅ’টোত তেওঁ লগতে কয়, ‘মা নহ’লে মোৰ এই অভিলেখ গঢ়িব পাৰিলোঁহেতেন বুলি মই নাভাবো।’

    কিশোৰজনে লগতে শ্বেয়াৰ কৰিছিল যে “এটা সময়ত মই চুলি কটাৰ কথা ভাবিছিলোঁ।কিন্তু এতিয়া মই অনুভৱ কৰিছো যে চুলিখিনি মই যিজন, তাৰ এটা অংশ, আৰু মই ইয়াক এইদৰেই ৰখাৰ পৰিকল্পনা কৰিছো। অভিলেখধাৰী হিচাপে স্বীকৃতি পোৱাটোৱে মই কৰি অহা সকলো কামকে ন্যায্যতা প্ৰদান কৰিছে”৷