ডিজিটেল ডেস্কঃ চিঙৰা প্ৰায়ভাগ লোকৰেই প্ৰিয় খাদ্য। সাধাৰণতে বজাৰত পোৱা চিঙৰাবোৰতকৈ বহু গু্ণে ব্যতিক্ৰমী চিঙৰা এটা দেশত প্ৰস্তুত কৰা হৈছে। চিঙৰাটোৰ আকাৰ তথা ওজনৰ বাবেই এই চিঙৰাটোৰ নাম দিয়া হৈছে 'বাহুবলী' চিঙৰা। এই চিঙৰাৰ ওজন ১২ কিলোগ্ৰাম।
এনে এটা চিঙৰাৰ মূল্য হৈছে ১,৫০০ টকা। অৱশ্যে, যদি চিঙৰাটো কোনোবাই আধা ঘণ্টাৰ ভিতৰতে খাব পাৰে তেন্তে তেওঁ কোনো দাম ভৰিব নালাগে। ইয়াৰ বিপৰীতে আধা ঘণ্টাতে চিঙৰাটো খাব পৰা জনক ৭১ হাজাৰ টকাৰ নগদ পুৰস্কাৰো দিয়া হ’ব । শুভম কৌশল হৈছে মিৰাটৰ মিঠাই ব্যৱসায়ী। লালকুৰ্তি অঞ্চলত তেওঁৰ এখন জনপ্ৰিয় দোকান আছে।
তিনি প্ৰজন্মৰ দোকান খনত বিভিন্ন ধৰণৰ মিঠাইৰ লগতে সুস্বাদু চিঙৰাও পোৱা যায়। ১২ কিলোগ্ৰাম ওজনৰ বাহুবলী চিঙৰাটোত মচলাযুক্ত আলু, বীন, চীজ আৰু শুকান ফল দিয়া হৈছে। সেই শুকান ফল আৰু আন সামগ্ৰীৰেই ওজন ৭ কিগ্ৰা। এই চিঙৰাটো প্ৰস্তুত কৰিবলৈ ৬ ঘণ্টা সময় লাগে। ভাজিবলৈ কেইবা ঘণ্টা লাগে। তিনিজন কাৰিকৰে চিঙৰাটো প্ৰস্তুত কৰি উলিয়াইছে।
Leave A Comment