• ২৯ জন মাওবাদী হত্যাৰ প্ৰতিশোধ! ছত্তীশগড়ত বিজেপি নেতাক নৃশংসভাবে হত্যা

    ৰাষ্ট্ৰীয়
    ২৯ জন  মাওবাদী হত্যাৰ প্ৰতিশোধ! ছত্তীশগড়ত বিজেপি নেতাক নৃশংসভাবে হত্যা
    ডিজিটেল ডেস্কঃ ছত্তীশগড়ত এক যুটীয়া অভিযানত সুৰক্ষা বাহিনীয়ে ২৯ জন মাওবাদীক হত্যা কৰাৰ ঘটনাৰ ২৪ ঘণ্টা পাৰ নৌহওতেই মাওবাদীয়ে অতি নৃশংসভাবে হত্যা কৰিলে এজন বিজেপি নেতাক।  বহুতেই এয়া মওবাদীৰ  'প্ৰতিশোধ' বুলি ধাৰণা কৰিছে । মঙলবাৰে  বিএছএফ আৰু জিলা সংৰক্ষিত বাহিনীয়ে (ডিআৰএফ) যুটীয়াভাৱে মাওবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল। অভিযানত ২৯ জন মাওবাদী নিহত হৈছিল। 

    মঙল বাৰে নিশা প্ৰায় ১১ বজাত মাওবাদীয়ে বাস্তাৰ অঞ্চলৰ নাৰায়ণপুৰত এজন বিজেপি নেতাৰ  ঘৰত প্ৰৱেশ কৰে আৰু তেওঁক  হত্যা কৰে।যুটীয়া অভিযানত নিহত ২৯ জন মাওবাদীৰ ভিতৰত শীৰ্ষ মাওবাদী নেতা শংকৰ ৰাৱো আছিল।  শংকৰ কাংকৰ জিলাৰ শীৰ্ষ মাওবাদী কমাণ্ডাৰ আছিল। তেওঁৰ মূৰৰ দাম  আছিল ২৫ লাখ টকা। 

    কেইবাজনো শীৰ্ষ মাওবাদী নেতাও সেই অভিযানত  নিহত হৈছে। ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ গোলাবাৰুদ আৰু এটা একে-৪৭ উদ্ধাৰ কৰা হৈছে। অভিযানটো মুখ্যতঃ ছত্তীশগড়ৰ কাংকৰ জিলাৰ অৰণ্যত চলোৱা হৈছিল। আনহাতে এই ঘটনাৰ পিছতে মঙলবাৰে নিশা ১১ বজাত নাৰায়ণপুৰৰ বিজেপি নেতা পঞ্চম দাস মানিকপুৰী ওৰফে গোলুৰ ঘৰত মাওবাদীয়ে প্ৰৱেশ কৰে। তেওঁক তীক্ষ্ণ অস্ত্ৰৰে  আঘাত কৰি মাওবাদীয়ে হত্যা কৰে। তেওঁ নাৰায়ণপুৰৰ দণ্ডৱন গাঁৱৰ উপ পঞ্চায়ত প্ৰধান আৰু বিজেপিৰ  সহ-আহ্বায়ক আছিল। মাওবাদীয়ে বিজেপি নেতাজনৰ ঘৰৰ সন্মুখত এখন পোষ্টাৰো আঁৰে। পোষ্এটাৰ খনত এইবুলি  লিখা আছে যে গোলুক দুৰ্নীতিৰ বাবে হত্যা কৰা হৈছে  আৰু তেওঁ  গোপনে আৰক্ষীক মাওবাদীৰ  খবৰ দিছিল।