• আপেক্ষিক শাৰীৰিক অক্ষমতা! সহবাসৰ প্ৰতি স্বামীৰ অনিহা! বিবাহ বিচ্ছেদৰ অনুমতি দিলে আদালতে

    ৰাষ্ট্ৰীয়
    আপেক্ষিক শাৰীৰিক অক্ষমতা! সহবাসৰ প্ৰতি স্বামীৰ অনিহা! বিবাহ বিচ্ছেদৰ অনুমতি দিলে আদালতে
    ডিজিটেল ডেস্কঃ স্বামীৰ ‘আপেক্ষিক শাৰীৰিক অক্ষমতা’ৰ দোহাই দি আদালতে দম্পতীহালক বিবাহ বিচ্ছেদৰ অনুমতি প্ৰদান কৰে। আইনী বিচ্ছেদৰ অনুমতি বিচাৰি আদালতৰ কাষ চাপিছিল দম্পতীহালে। পৰিয়াল আদালতত তেওঁলোকৰ আবেদন খাৰিজ কৰা হয়। ইয়াৰ পিছতে এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল দম্পতীহালে। তাত তেওঁলোকৰ আবেদন অনুমোদন কৰা হৈছে।

    বম্বে উচ্চ ন্যায়ালয়ৰ ঔৰংগাবাদ বিচাৰপীঠে কয় যে স্বামীৰ “আপেক্ষিক শাৰীৰিক অক্ষমতা”ৰ বাবে দম্পতীহালৰ হতাশাক আওকাণ কৰিব নোৱাৰি। সেই সমস্যাই দম্পতীহালক শাৰীৰিক আৰু মানসিকভাৱে কষ্ট দিছে। গতিকে এই বিবাহ স্থায়ী হোৱাৰ কোনো প্ৰয়োজন নাই।

    কিন্তু ‘আপেক্ষিক শাৰীৰিক অক্ষমতা’ কি? যেতিয়া কোনো ব্যক্তিয়ে যৌন সম্পৰ্কত লিপ্ত হ’বলৈ সক্ষম হয় কিন্তু পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিব নোৱাৰে তেতিয়া সমস্যাটোক ‘আপেক্ষিক শাৰীৰিক নপুংসকতা’ বুলি কোৱা হয়। এই ক্ষেত্ৰত ২৭ বছৰীয়া যুৱকজনে পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিলে। তাৰ বাবেই দম্পতীহালৰ বৈবাহিক সম্পৰ্কৰ শান্তি বিঘ্নিত হয়।

    আদালতে আৰু পৰ্যবেক্ষণ কৰে যে যুৱকজনে প্ৰথমে পত্নীৰ আগত নিজৰ অক্ষমতা স্বীকাৰ কৰিবলৈ অনিচ্ছুক আছিল। তাৰ বাবেই তেওঁ বিবাহৰ অসম্পূৰ্ণতাৰ বাবে পত্নীক দোষাৰোপ কৰিছিল। অৱশ্যে পিছত আদালতত নিজৰ ভুল স্বীকাৰ কৰে যুৱকজনে।

    ২০২৩ চনৰ মাৰ্চ মাহত দুয়োৰে বিবাহ হয়। ১৭ দিনৰ মূৰত দুয়ো বিচ্ছেদ হয়। মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁৰ স্বামীয়ে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰিছিল। এই কাৰণ উল্লেখ কৰি মহিলাগৰাকীয়ে পৰিয়াল আদালতত বিচ্ছেদ বিচাৰিছিল। অৱশেষত বম্বে উচ্চ ন্যায়ালয়ে তেওঁৰ এই আবেদনৰ অনুমতি দিলে।