ডিজিটেল ডেস্ক : সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয়াংশ সোমবাৰে আৰম্ভ হ'ব। ৪ এপ্ৰিললৈ অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ দ্বিতীয় পর্যায়ত ২০ দিন অধিৱেশনৰ কাম-কাজ চলিব। অধিৱেশনৰ সময়ত ২০২৫-২৬ বৰ্ষৰ বাবে অনুদানৰ দাবী আৰু এই সন্দর্ভীয় বিনিয়োজন বিধেয়কৰ বিষয়ত আলোচনা তথা ভোটগ্রহণ হ'ব।
ইয়াৰ উপৰি বেংক আইন (সংশোধন) বিধেয়ক, উপকূলীয় নৌ-পৰিবহণ বিধেয়ক ২০২৪, প্ৰব্ৰজন আৰু বিদেশীবিধেয়ক, ২০২৫, তথা ৰে'লবে (সংশোধন) বিধেয়ককেইখন আলোচনা আৰু গৃহীত কৰিবলৈ উত্থাপন কৰা হ'ব।
বাজেট অধিৱেশনৰ দ্বিতীয় অংশ 'এপিক' (ইলেকশ্যন ফটো আইডেনটিটি কার্ড) বা বিভিন্ন ভোটাৰ কাৰ্ডৰ একেটা নম্বৰ, সীমা পুনৰ নিৰ্ধাৰণ আৰু ত্ৰিভাষা নীতিৰ জৰিয়তে হিন্দী ভাষা জাপি দিয়া আদি অভিযোগেৰে উত্তপ্ত হৈ পৰাৰ আশংকা আছে। ইফালে চৰকাৰে এই অংশতে জোৰ দিব বাক্ফ বিধেয়ক গৃহীত কৰাত। আমেৰিকাৰ পৰা ভাৰতীয় অবৈধ প্ৰব্ৰজনকাৰীক বিতাৰণ তথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতৰ বিৰুদ্ধে উচ্চ হাৰত শুল্ক আৰোপ কৰাৰ বিষয়ো অধিৱেশনত বিৰোধীৰ বাবে চৰকাৰৰ বিৰুদ্ধে পাশুপাট অস্ত্র হৈ পৰিব পাৰে। বাজেট অধিৱেশনৰ প্রথম অংশ অনুষ্ঠিত হৈছিল ২১ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ। প্রথম অংশত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰে যুটীয়া সদনত ভাষণ দিছিল তথা বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কেন্দ্রীয় বাজেট দাখিল কৰিছিল।
উৎস- দৈনিক জনমভূমি
Leave A Comment