• নিৰাপত্তাৰ প্ৰতি ভাবুকিঃ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰক জেড-শ্ৰেণীৰ নিৰাপত্তা প্ৰদান

    ৰাষ্ট্ৰীয়
    নিৰাপত্তাৰ প্ৰতি ভাবুকিঃ  মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰক জেড-শ্ৰেণীৰ নিৰাপত্তা প্ৰদান
    ডিজিটেল ডেস্কঃ  মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ  নিৰাপত্তা বৃদ্ধি কৰা হৈছে। এতিয়াৰে পৰা তেওঁ  জেড-শ্ৰেণীৰ সুৰক্ষা লাভ কৰিব। মঙলবাৰে এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰই জনোৱা অনুসৰি  তেওঁৰ ওপৰত আক্ৰমণৰ সম্ভাৱনা থকাৰ বাবেই তেওঁৰ নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে।দেশৰ বিভিন্ন চোৰাংচোৱা সূত্ৰই মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নিৰাপত্তা বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে। 

     উল্লেখ্য ২০২৪ৰ লোকসভা নিৰ্বাচন ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। নিৰ্বাচনৰ পূৰ্বে  মুখ্য নিৰ্বাচন আয়ুক্তৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। এতিয়াৰে পৰা ৰাজীৱ কুমাৰ দেশৰ  য'লৈকে যায় তেওঁৰ সৈতে ৪০-৪৫  জনীয়া চিআৰপিএফৰ এটা বিশেষ দল থাকিব। 

     ৰাজীৱ কুমাৰৰ গাড়ী চলাবলৈ  বিশেষভাৱে প্ৰশিক্ষিত অতিৰিক্ত তিনিজন চালকক সাজু কৰি ৰখা হ'ব। ৰাজীৱ কুমাৰ ১৯৮৪ বেচৰ আইএএছ বিষয়া। তেওঁ ২০২০ চনৰ ১ ছেপ্টেম্বৰত নিৰ্বাচন আয়ুক্ত হৈছিল। ৰাজীৱ কুমাৰ  ২০২২  চনৰ ১৫ মে'ত ভাৰতৰ ২৫ সংখ্যক  মুখ্য নিৰ্বাচন আয়ুক্ত হৈছিল।