• CRPFৰ জোৱানে শ্বহীদৰ কন্যাৰ বিয়াত কৰিলে কন্যাদান! পালন কৰিলে পিতৃ-ভাতৃৰ কৰ্তব্য

    ৰাষ্ট্ৰীয়
    CRPFৰ জোৱানে শ্বহীদৰ কন্যাৰ বিয়াত কৰিলে কন্যাদান! পালন কৰিলে পিতৃ-ভাতৃৰ কৰ্তব্য
    ডিজিটেল ডেস্কঃ  ৰাজস্থানৰ আলৱাৰত সংঘটিত হোৱা এখন বিবাহ আলোচনাৰ বিষয় হৈ পৰিছে। এই বিয়াখনত CRPFৰ বিষয়া-জোৱানে এগৰাকী শ্বহীদ জোৱানৰ কন্যাৰ বিবাহত সহায় কৰি পিতৃ-ভাইৰ কৰ্তব্য পালন কৰিছিল। 

    শ্বহীদ ৰাকেশ মীনাৰ কন্যাৰ বিবাহ ২৩ এপ্ৰিলত ৰাজগড় মহকুমা এলেকাৰ দুব্বি গাঁৱত সম্পন্ন হয়। চি আৰ পি এফ বিষয়াসকলেও এই বিবাহত আহি কন্যাদান কৰিছিল। ২০১০ চনত কইনাৰ পিতৃ শ্বহীদ হৈছিল। পিতৃৰ বিদায়ৰ পিছতে বিধ্বস্ত হৈ পৰে পৰিয়ালটো।
     
    শ্বহীদৰ খুড়াক ৰামপ্ৰসাদ প্ৰকাশ ভাবলাই কয় যে শ্বহীদ ৰাকেশ মীনাৰ চাৰিগৰাকী কন্যা আছে। ইয়াৰে ২৩ এপ্ৰিলত কাঠুমাৰৰ বাসিন্দা নৰেন্দ্ৰ মীনাৰ সৈতে ডাঙৰ কন্যা ছাৰিকাৰ বিবাহ হয়। এই বিবাহত চি আৰ পি এফ বিষয়াসকলে ছাৰিকাক আশীৰ্বাদ দিয়ে। এই সময়ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ডি আই জি সঞ্জয়ৰ সৈতে দুজন কমাণ্ডেণ্ট, পৰিদৰ্শক, ৰাজগড়ৰ উপ আৰক্ষী অধীক্ষক মনীষা মীনা আৰু চি আৰ পি এফ বেটেলিয়নৰ জোৱান উপস্থিত থাকে।

    বিবাহৰ সময়ত চি আৰ পি এফৰ পুঁজিৰ পৰা ১ লাখ ৫১ হাজাৰ টকা ছাৰিকাৰ একাউণ্টত জমা হৈছিল। কেন্দ্ৰীয় গোটৰ ১ম আজমেৰ বেটেলিয়নৰ হৈ এচি, মিক্সাৰ, ইলেক্ট্ৰনিক ষ্টোভ আদি সামগ্ৰী উপহাৰ দি ছোৱালীজনীক নগদ ২১ হাজাৰ টকা দি আশীৰ্বাদ দিয়ে। বিবাহৰ সুখৰ সমান্তৰালকৈ শ্বহীদজনৰ স্মৃতি সুঁৱৰি চি আৰ পি এফ বিষয়া আৰু জোৱানসকলে কৈছিল যে আমি তেওঁক ঘূৰাই আনিব নোৱাৰোঁ কিন্তু আপোনাৰ পৰিয়ালৰ প্ৰতিটো সুখ-দুখত আমি থিয় হ’ম। আপোনালোকৰ লগত আমি ছাঁ হিচাপে থিয় দিম।

    তাত উপস্থিত থকা লোকসকলে এই মুহূৰ্তবোৰ নিজৰ কেমেৰাতত বন্দী কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি তুলিছিল। এই বিবাহ সমগ্ৰ অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।